ASSAM TIME POST
নিউজ ডেক্স
গণতন্ত্ৰ দিৱসৰ দিনা অসমত পাঁচটাকৈ বোমা বিস্ফোৰণ হ’ল৷ দেওবাৰে পুৱা ৮ বজাৰ পৰা ডিব্ৰুগড়ৰ দুঠাইৰ লগতে দুলীয়াজান, সোণাৰি আৰু ডুমডুমাত বোমা বিস্ফোৰণ হয়৷ এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাধীন)ই৷ উল্লেখ্য যে এই বোমা বিস্ফোৰণত কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা নাই৷
ৰাজ্যখনত চৌদিশে কটকটীয়া নিৰাপত্তাৰ বেহু সৃষ্টি কৰি থকাৰ সময়ত আলফা (স্বাধীন)ই বোমা বিস্ফোৰণ ঘটোৱাত জনসাধাৰণৰ মাজত আশংকাই দেখা দিছে৷










