অৱশেষত জল্পনাৰ অন্ত। ‘হাইব্ৰিড মডেল’তে (Hybrid Model) হ’ব চেম্পিয়নছ ট্ৰফী (Champions Trophy)। অৰ্থাৎ প্ৰতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হ’লেও কিন্তু ভাৰতৰ মেচসমূহ নিৰপেক্ষ দেশতহে খেলা হ’ব।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (Pakistan Cricket Board) (পি চি বি) প্ৰথমতে কৈছিল যে তেওঁলোকে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন গ্ৰহণ নকৰে। কিন্তু তেওঁলোকৰ দাবী স্থায়ী নহ’ল। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ সিদ্ধান্তৰ পৰা পিছুৱাই যাবলগা হয় আৰু আইচিচিৰ সিদ্ধান্ত গ্ৰহণ কৰে।
পূৰ্বতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) পাকিস্তানত খেলাৰ বিষয়ত আপত্তি কৰিছিল। কিন্তু ভাৰতৰ হেঁচাত আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক কৈছিল যে হাইব্ৰিড মডেলৰ বাহিৰে অন্য কোনো উপায় নাই। ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিক এক প্ৰতি-চৰ্ত দি কৈছিল যে তেওঁলোকৰ হাইব্ৰিড মডেল গ্ৰহণ কৰাত কোনো সমস্যা নাই। কিন্তু ইয়াৰ পিছত যদি ভাৰতত আইচিচি টুৰ্ণামেণ্ট হয়, তেওঁলোকেও এখন নিৰপেক্ষ দেশত খেলিব। আইচিচিয়ে এই দাবী মানি লৈছে।

বৃহস্পতিবাৰে অনুষ্ঠিত আইচিচিৰ এখন বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে সিদ্ধান্ত লৈছে যে ২০২৭ চনলৈকে ভাৰত বা পাকিস্তানত অনুষ্ঠিত যিকোনো আইচিচি প্ৰতিযোগিতাত দুয়োখন দেশে নিৰপেক্ষ দেশত খেলিব। অৰ্থাৎ পাকিস্তানত যদি প্ৰতিযোগিতা হয় তেন্তে ভাৰতে এখন নিৰপেক্ষ দেশত খেলিব, আৰু যদি ভাৰতত প্ৰতিযোগিতা হয় তেন্তে পাকিস্তানে এখন নিৰপেক্ষ দেশত খেলিব।
উল্লেখযোগ্য যে অহা বছৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতত অহা বছৰ মহিলাৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। এই তিনিটা প্ৰতিযোগিতাত হাইব্ৰিড মডেলৰ নিয়ম অনুসৰণ কৰা হ’ব। আইচিচিয়ে এইটোও কৈছে যে ২০২৮ চনত পাকিস্তানত মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। উক্ত প্ৰতিযোগিতাতো এই নিয়ম অনুসৰণ কৰা হ’ব।
অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আইচিচিয়ে শীঘ্ৰেই সময়সূচী ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। তেতিয়াহে জানিব পৰা যাব যে ভাৰতে নিৰপেক্ষ দেশ হিচাপে কোনখন দেশত চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব।