মঙলবাৰে বেংগালুৰুৰ এখন হোটেলৰ পৰা অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ (Bengaluru Murder) হয়। অৱশ্যে যুৱতীগৰাকীৰ সঠিক পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।শনিবাৰে হোটেলখনত মায়া গগৈ নামৰ যুৱতীগৰাকীক হাঁহিমুখে প্ৰৱেশ কৰা দেখা গৈছিল।
তেওঁ প্ৰেমিকৰ লগত আহিছিল। হোটেলত প্ৰৱেশ কৰাৰ ফুটেজ চিচি কেমেৰাত ধৰা পৰে। বৰ্তমান যুৱতীগৰাকীৰ প্ৰেমিকৰ কোনো সন্ধান নাই। প্ৰেমিকেই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে মায়াই ২৩ নৱেম্বৰত প্ৰেমিক আৰৱ হাৰ্নিৰ সৈতে চাৰ্ভিচ এপাৰ্টমেণ্টটো ভাড়ালৈ লৈছিল। তেওঁ বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, আৰৱে সোমবাৰে তেওঁক হত্যা কৰে। তাৰ পিছত গোটেই দিনটো মৃতদেহৰ সৈতে কটোৱাৰ পিছত তেওঁ মঙলবাৰে পুৱা হোটেলৰ কোঠাৰ পৰা ওলাই যায়।
কোঠাটোত ৰখা গাৰু আৰু কম্বলবোৰত তেজৰ দাগ লাগি আছে। আৰক্ষীয়ে হোটেলৰ লবীত ৰখা চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। তাত পোৱা গৈছে যে ২৩ ৰ পৰা ২৬ নৱেম্বৰলৈ মায়াৰ দ্বাৰা ভাড়াত লোৱা চাৰ্ভিচ এপাৰ্টমেণ্টত আন কোনেও প্ৰৱেশ কৰা নাছিল।
কিন্তু আৰৱ মঙলবাৰে পুৱা তাৰ পৰা ওলাই যায়। কেইঘণ্টামানৰ পিছত, ঘৰটোৰ পৰা এটা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। লগে লগে হোটেলৰ কৰ্মচাৰীসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
তেওঁলোকে ঘটনাস্থলীৰ পৰা ফৰেনচিক নমুনাও সংগ্ৰহ কৰে। আৰক্ষীয়ে এইটোও অনুসন্ধান কৰি আছে যে আৰৱে মায়াৰ শৰীৰটো টুকুৰা টুকুৰ কৰি নিষ্কাশন কৰিবলৈ চেষ্টা কৰিছিল নেকি।