আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় সংবিধান দিৱস (Constitution Day) ৷ উল্লেখ্য যে 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। আনহাতে, ২০১৫ চনত ডঃ বি আৰ আম্বেদকাৰৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে ২৬ নৱেম্বৰৰ দিনটোক চৰকাৰে সংবিধান দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে।
ইফালে আজি হৈছে সংবিধান গ্ৰহণৰ 75 সংখ্যক জয়ন্তী৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্ন নেতাসকলে দেশবাসীক শুভকামনা জনাইছে৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সংবিধান দিৱস উপলক্ষে ৰাজ্য তথা দেশবাসীক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত এটি ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘‘ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী আৰু সংবিধান দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’’
আনহাতে, নিজৰ শুভেচ্ছা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে, ‘‘সংবিধান দিৱসৰ শুভেচ্ছা জনালোঁ। আজি ভাৰতে উৎসাহেৰে সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। বাবা চাহেব ভীমৰাও আম্বেদকাৰকে ধৰি সংবিধানৰ সকলো স্থপতিবিদৰ অৱদানৰ স্মৃতিত মোদীজীয়ে ‘সংবিধান দিৱস’ উদযাপন আৰম্ভ কৰে।… এই সংবিধান দিৱসত শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি লওঁ আহক।’’
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সংবিধান দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই সামাজিক মাধ্য়মযোগে ভাৰতৰ সংবিধানৰ প্ৰণেতা বাবা চাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷
সংবিধান দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে শুভেচ্ছা জনাইছে৷ সামাজিক মাধ্যমত এই উপলক্ষে তেওঁ লিখিছে, ‘‘বিগত 75 বছৰ ধৰি ভাৰতে নিজৰ সংবিধানৰ দ্বাৰা অনুপ্ৰাণিত হৈ অহৰহ অগ্ৰগতি লাভ কৰি আহিছে। আমাৰ সংবিধান আমাৰ গণৰাজ্যৰ ভেটি আৰু 2014 চনৰ পৰা ‘সংবিধান সৰ্বোচ্চ’ মন্ত্ৰৰ অধীনত আমাৰ চৰকাৰ জনসাধাৰণৰ প্ৰতিটো শ্ৰেণীৰ সেৱাৰ বাবে উৎসৰ্গিত হৈ আহিছে। সংবিধান দিৱসৰ বহু শুভেচ্ছা থাকিল!’’