মণিপুৰ (Manipur) চৰকাৰে ৰাজ্যখনত এতিয়াই বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলিব বিচৰা নাই। ইয়াৰ পূৰ্বে চৰকাৰে কৈছিল যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ সোমবাৰৰ পৰা স্বাভাৱিকভাৱে পুনৰ আৰম্ভ হ’ব পাৰে।
কিন্তু চৰকাৰে সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে আৰু দেওবাৰে নিশা এটা নতুন নিৰ্দেশনা জাৰি কৰে। বৰ্তমান মণিপুৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বুধবাৰৰ পূৰ্বে খোলা নহ’ব। আনহাতে, ৰাজ্যখনৰ নখন জিলাত বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ ম্যাদো।
ৰাজ্য চৰকাৰৰ হৈ শিক্ষা সঞ্চালক (বিদ্যালয়) এল নন্দকুমাৰে এই নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় ২৬ নৱেম্বৰলৈকে বন্ধ থাকিব। মণিপুৰৰ নখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখাটো আৰু দুদিনৰ বাবে বৃদ্ধি কৰা হৈছে। ১৬ নৱেম্বৰৰ পৰা এই জিলাসমূহত মোবাইল ইণ্টাৰনেট স্থগিত ৰখা হৈছিল।
ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে বুধবাৰলৈকে ইম্ফল পূব, ইম্ফল পশ্চিম, কাকচিং, বিষ্ণুপুৰ, থৌবাল, চুৰাচান্দপুৰ, জিৰিবাম, ফাৰ্জাওল আৰু কাংপোকপি জিলাত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হ’ব।
শেহতীয়াকৈ জিৰিবাম জিলাত কুকি উগ্ৰপন্থী আৰু চিআৰপিএফ জোৱানৰ মাজত গুলীয়াগুলীৰ পিছত মণিপুৰৰ পৰিস্থিতি অধিক অৱনতি ঘটে।
আনহাতে, দুটা পৰ্যায়ত ছয়টা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ মণিপুৰত উত্তেজনা বিয়পি পৰে। ন্যায় আৰু অভিযুক্তৰ শাস্তিৰ দাবীত ইম্ফলৰ ৰাজপথত প্ৰতিবাদ আৰম্ভ হয়। কেইবাজনো বিধায়কৰ ঘৰত উত্তেজিত জনতাই আক্ৰমণ কৰে। ঘটনাটোৰ সন্দৰ্ভত বিগত কেইদিনমানত ৩২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।