দুই ভাতৃৰ মাজত হোৱা বিবাদৰ ফলস্বৰূপে উত্তপ্ত হৈ পৰে উদয়পুৰ ৰাজপ্ৰাসাদ (Udaipur Conflict)। বিজেপি বিধায়ক বিশ্বৰাজ সিং মেৱাৰ আৰু তেওঁৰ সমৰ্থকসকলে সোমবাৰে নিশা প্ৰাসাদৰ বাহিৰৰ পৰা শিল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে, ভিতৰৰ পৰা প্ৰত্যাক্ৰমণত হোৱা ইটাবৃষ্টিত তিনিজন লোক আহত হয়। অৱশ্যে প্ৰশাসনৰ হস্তক্ষেপত পৰিস্থিতি কেনেবাকৈ নিয়ন্ত্ৰণলৈ আহে।
বিশ্বৰাজ সিং মেৱাৰ ৰাজস্থানৰ ৰাজচামান্দৰ এজন বিজেপি বিধায়ক। তেওঁ মেৱাৰৰ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীও। বিশ্বৰাজৰ সোমবাৰে মেৱাৰৰ ৭৭ সংখ্যক মহাৰাণা হিচাপে অভিষেক হয়। ৰাজ্যাভিষেকৰ পিছত তেওঁ পৰিয়ালদেৱতা ধুনি মাতা আৰু একলিঙ্গ শিৱক উপাসনা কৰিবলৈ প্ৰাসাদত প্ৰৱেশ কৰিব বিচাৰিছিল।
তেতিয়াই সৃষ্টি হয় সমস্যা। তেওঁৰ সম্পৰ্কীয় ভাতৃ লক্ষ্মৰাজ সিং মেৱাৰে কয় যে বিশ্বৰাজৰ প্ৰাসাদলৈ প্ৰৱেশৰ কোনো অধিকাৰ নাই। প্ৰায় পাঁচ ঘণ্টা ৰাজপ্রাসাদৰ বাহিৰত অপেক্ষা কৰাৰ পিছতো প্ৰৱেশ কৰিব নোৱাৰিলে ৰাজপুত্ৰই।
কিন্তু সময় আগবাঢ়ি যোৱাৰ লগে লগে নিশা প্ৰাসাদৰ চৌহদ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, বিশ্বৰাজৰ সমৰ্থকসকলে প্ৰাসাদৰ বাহিৰত একত্ৰিত হ’বলৈ আৰম্ভ কৰে।
নিশা প্ৰায় ১০ বজাত তেওঁলোকে বাহিৰৰ পৰা প্ৰাসাদলৈ শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। কিছুমানে আনকি গে’টখনো ভাঙিবলৈ চেষ্টা কৰে। প্ৰাসাদৰ ভিতৰৰ পৰাও ইটা আৰু শিল নিক্ষেপ কৰে। অৱশেষত আৰক্ষী-প্ৰশাসনৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। অৱশ্যে সংঘৰ্ষত তিনিজন লোক আহত হয়।
উল্লেখযোগ্য যে পিতৃ মহেন্দ্ৰ সিঙৰ মৃত্যুৰ বাৰ দিন পিছত সোমবাৰে ঐতিহাসিক চিত্তোৰগড় কিল্লাত বিশ্বৰাজৰ ৰাজ্যাভিষেক অনুষ্ঠান অনুষ্ঠিত হয়।
ৰাজপৰিয়ালৰ পৰম্পৰা অনুসৰি, আঙুলি কাটি কপালত তেজেৰে দিয়া হয় ৰাজতিলক। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে উপাসনা কৰা দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি প্ৰাসাদত প্ৰৱেশ কৰিব বিচাৰে। যদিও বিশ্ব ‘যুৱৰাজ’, উদয়পুৰৰ ৰাজকীয় প্ৰাসাদ এতিয়া তেওঁৰ খুৰাক শ্ৰীজী অৰবিন্দ সিং মেৱাৰৰ সংস্থাৰ হাতত আছে।
প্ৰতিষ্ঠানটোৱে প্ৰাসাদৰ তত্বাৱধানৰ পৰা সকলোবোৰ চোৱাচিতা কৰে। সেয়েহে নিৰাপত্তাৰ কথা মনত ৰাখি অৰবিন্দই বিশ্বৰাজ আৰু তেওঁৰ সমৰ্থকসকলক সোমবাৰে প্ৰাসাদত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে।