
৬৫ কে:জি অনুৰ্দ্ধ জুনিয়ৰ শাখাৰ মি: ৱৰ্ল্ড খিতাপ অৰ্জন কৰা বোকাখাতৰ দেৱজিৎ পেগুক (Debajit pegu) আজি বোকাখাতত বিপুল আদৰণি জনোৱা হয় ৷

উল্লেখ্য যে ইউনাইটেড ইণ্টাৰনেচনেল বডী বিল্ডিং ফিটনেছ ফেডাৰেচনৰ (UIBFF)উদ্যোগত বাঙ্গালোৰৰ কিংচ ক’ৰ্টচ পেলেচ গ্ৰাউণ্ডত অনুষ্ঠিত মি: এণ্ড মিচেচ ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিটনেচ চেম্পিয়নছিপত ৬৫ কেজিৰ অনুৰ্দ্ধ জুনিয়ৰ শাখাৰ মি: ৱৰ্ল্ড খিতাপ অৰ্জন কৰি পেগুৱে বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই উপলক্ষে আজি বোকাখাত নাট্য মন্দিৰলৈ পেগুক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি নিয়া হয়। সাংবাদিকৰে মত বিনিময় কৰি পেগুৱে কয় যে এনেদৰে বোকাখাতৰ পৰা গৈ বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰি বোকাত পদুম ফুলা কথাষাৰ সঁচা প্ৰমাণিত হোৱা বুলি তেওঁ অনুভৱ কৰিছে।

ক্ৰীড়াৰ বাবে প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰিবৰ বাবে অসম চৰকাৰৰ সহায় সহযোগ কামনা কৰে বিশ্ব চেম্পিয়ন গৰাকীয়ে। লগতে ভৱিষ্যতে এখন ডাঙৰ খেল খেলাৰ সপোন থকাৰ কথাও ব্যক্ত কৰে।













