
তিনিজন বন্ধু বিয়াৰ পৰা উভতি আহিছিল। সেই সময়ত অন্ধকাৰৰ বাবে গুগল মেপেই (Google Map) আছিল তেওঁলোকৰ ভৰসা। সেই সূত্ৰেই তেওঁলোকৰ গাড়ীখন এখন দলঙৰ ওপৰত উঠে। কিন্তু ইয়াৰ পৰিণাম হয় মৰ্মান্তিক! নিশাৰ অন্ধকাৰত দ্ৰুতগতিত চলা গাড়ীখন নিৰ্মাণাধীন দলংখনৰ পৰা ২০ ফুট তলত পৰি যায়।

কৌশল, বিবেক আৰু অমিত নামৰ তিনিজন আৰোহীৰ দুৰ্ঘটনাটোত মৃত্যু হয়। ঘটনাটোৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে গাড়ীখন প্ৰায় পানীবিহীন নদীৰ দলঙৰ কাষৰ অঞ্চলত পৰি আছে। ই ২০ ফুট উচ্চতাৰ পৰা পৰিছিল।
উত্তৰ প্ৰদেশৰ ৰামগংগা নদীত পৰিছিল বগা গাড়ীখন। তিনিওজনে ৰাজ্যখনৰ মৈনপুৰী আৰু ফাৰুখাবাদৰ বাসিন্দা। অৱশ্যে দুৰ্ঘটনাটো নিশা সংঘটিত হৈছিল যদিও পুৱাহে স্থানীয় লোকৰ দৃষ্টিগোচৰ হয়। আৰক্ষীক তেতিয়া খবৰ দিয়া হয়।
আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জনায় যে ডাঠ কুঁৱলীৰ বাবে ৰাস্তাটো ভালদৰে ধৰিব পৰা নাছিল। চালকজনে জিপিএছ চাই গাড়ী চলাই আছিল।
দুৰ্ঘটনাত পতিত গাড়ীখন গাজিয়াবাদৰ। ভুক্তভোগীসকলৰ পৰিচয় পত্ৰ পোৱা গৈছে। তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে।
গাড়ীখন নদীৰ পৰা ক্ৰেনেৰে উঠোৱা হয়। এই ঘটনাৰ পিছত নিৰ্মাণাধীন দলংখনৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। বহুতে কয় যে দলংখনৰ প্ৰৱেশদ্বাৰ ভ্ৰমণ কৰিবলৈ অনুমতি নোপোৱালৈকে অৱৰোধ কৰিব লাগে, যাতে দুৰ্ঘটনা পৰিহাৰ কৰিব পৰা যায়। বহুতে প্ৰশাসনৰ দায়িত্বহীনতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।












