
এটি মছজিদৰ (Mosque Survey Controversy) জৰীপক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ চম্বলত তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীৰ এটা দলে জৰীপত নিয়োজিত দলটোলৈ ইটা আৰু শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰে। আৰক্ষী আৰু জনসাধাৰণৰ মাজত হোৱা সংঘৰ্ষত তিনিজন লোক নিহত হয়। আনহাতে, কমেও ৩০ জন লোক আহত হয়।
তেওঁলোকৰ ভিতৰত ১৫ জন আৰক্ষীও আছে। বিধানসভাৰ বিৰোধী দলৰ নেতা তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই ঘটনাটোৰ বাবে যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে উপ-নিৰ্বাচনৰ অনিয়মৰ পৰা মনোযোগ আঁতৰাবলৈ মছজিদলৈ এটা জৰীপৰ দল প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে শেহতীয়াকৈ চম্বলৰ এখন আদালতত এটা গোচৰ ৰুজু কৰা হয় যে মোগল সম্ৰাট বাবৰে ১৫২৯ চনত হৰিহৰ মন্দিৰ ভাঙি তাত এটা মছজিদ নিৰ্মাণ কৰিছিল।
ইয়াৰ পৰিপ্ৰেক্ষিতত, আদালতে মঙলবাৰে মছজিদৰ জৰীপৰ নিৰ্দেশ দিয়ে। সেইদিনাৰ পৰাই অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। মছজিদটোত আগতেও জৰীপ কৰা হৈছে। তৎসত্ত্বেও জৰীপৰ দলটোৱে কাম আৰম্ভ কৰাৰ সময়ত উত্তেজনা শীৰ্ষত উপনীত হয়। অৱশ্যে জৰীপ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয়।
মোৰাদাবাদৰ আৰক্ষী আয়ুক্ত অঞ্জনেয়া কুমাৰ সিঙে কয়, “জৰীপ শেষ হোৱাৰ লগে লগে জনতাই তিনিফালৰ পৰা শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট ব্যৱহাৰ কৰে। ইয়াৰ মাজতে এদল লোকে গাড়ীবোৰত জুই লগাই দিয়ে। আৰক্ষীয়ে তেতিয়া গুলীচালনা কৰে। জনতাৰ দ্বাৰা নিক্ষেপ কৰা ইটাৰ আঘাতত পোন্ধৰজন আৰক্ষী আহত হৈছে।’’
আৰক্ষীয়ে তিনিজন ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকৰ মৃত্যু কেনেদৰে হ’ল সেইটো প্ৰকাশ কৰা নাই। মৃত্যুৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ পিছতহে জানিব পাৰিব বুলি এজন আৰক্ষী বিষয়াই জনায়। অৱশ্যে, প্ৰতিবাদকাৰীসকলে দাবী কৰে যে মৃতকৰ মৃতদেহত গুলীৰ আঘাত আছিল। আৰক্ষীয়ে কয় যে এগৰাকী মহিলাসহ ১০ জন লোকক আটক কৰা হৈছে। মহিলাগৰাকীয়ে ঘৰৰ চাদৰ পৰা ইটা দলিয়াই আছিল। আৰক্ষীয়ে দাবী কৰিছে যে মছজিদৰ ইমামে বাৰে বাৰে উত্তেজিত জনতাক শান্ত হ’বলৈ কৈছিল, কিন্তু কোনো লাভ হোৱা নাছিল।
ইফালে ঘটনাটোৰ বাবে ৰাজ্যপ্ৰশাসনক দোষাৰোপ কৰে অখিলেশে। এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “চম্বলত যি ঘটিছে সেয়া অতি গুৰুতৰ। প্ৰশাসনে ইচ্ছাকৃতভাৱে জৰীপ দলটোক প্ৰেৰণ কৰিছিল, যাতে এটা উত্তেজনাৰ সৃষ্টি হয় আৰু ই নিৰ্বাচনত হোৱা অনিয়মৰ বিষয়ে আলোচনাৰ পৰা মনোযোগ আঁতৰাব পাৰে।” তেওঁ প্ৰশ্ন কৰে যে মছজিদটোত আগতে এবাৰ জৰীপ কৰা হৈছিল। দ্বিতীয় জৰীপৰ প্ৰয়োজনীয়তা কি?













