
শণিবাৰে বিয়লি প্ৰায় ৪ বজাত ডিফুস্থিত (Diphu) ডিফু ক্লাৱত যুৱ বিনম্ৰ প্ৰয়াত ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণি আন্তঃজিলা ভলীবল প্ৰতিযোগিতা সন্দৰ্ভত এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷

সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ছৰ্জুন হাঞ্চেৰ উপস্থিত আজি ডিফু ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য পূৰ্ণ সভাত সৰ্ব সন্মতি ক্ৰমে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ক সভাপতি আৰু কাছাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণক সম্পাদক হিছাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷
ইয়াৰোপৰি কেইবাখনো উপ সমিতি গঠন কৰা হয় ৷ উল্লেখ যোগ্যযে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং ছাত্ৰ সন্থাৰ আতিথ্যত অহা ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত হব নাছিৰ হুছেইন সোঁৱৰণি আন্তঃজিলা ভলীবল প্ৰতিযোগিতা ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ছৰ্জোন হাঞ্চেই কয়যে, উক্ত আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত আছুৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকিব ৷
সেয়ে উক্ত প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰি তুলিবলৈ সদাশয় ক্ৰীড়াপ্ৰেমী ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ছৰ্জুন হাঞ্চেই ৷













