
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ লগতে শনিবাৰে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰো (Election) ভোটগণনা অনুষ্ঠিত হৈছে। আনহাতে, কেৰালাৰ ৱায়নাড় সমষ্টিতো উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৱা ৮ বজাৰ পৰা সকলোতে ভোটগণনা আৰম্ভ হৈছে।

অসমৰ উপ-নিৰ্বাচনৰ শেহতীয়া তথ্য মতে, নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে । বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আনহাতে, চামগুৰিত বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে।
আনহাতে, ভোটগণনাৰ আৰম্ভণিতে ঝাৰখণ্ডত এন ডি এ আগবাঢ়ি আছিল যদিও সময় আগবাঢ়ি যোৱাৰ লগে লগে যুঁজখন কঠিন হৈ আহিছে। এন ডি এ আৰু ইণ্ডিয়াৰ মাজৰ ব্যৱধান কমি আহিছে। অৱশ্যে বৰ্তমান জে এম এম নেতৃত্বাধীন ইণ্ডিয়াই অগ্ৰগতি লাভ কৰিছে।
আনহাতে, মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ক্ৰমান্বয়ে ব্যৱধান বৃদ্ধি কৰিছে। ইফালে ৱায়নাড় উপ-নিৰ্বাচনত বৃহৎ ব্যৱধানত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী। বিজেপিৰ নব্যা হৰিদাস ৬০ হাজাৰৰো অধিক ভোটত পিচপৰি আছে।
উল্লেখ্য যে শনিবাৰে অসমৰ ৫খন বিধানসভা আসনকে ধৰি ১৫খন ৰাজ্যৰ ৪৮খন ৰাজ্যৰ বিধানসভা, দুটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে।













