
বিজেপি নেতা সুব্ৰমণিয়ম স্বামীকে (Subramaniam Swami) ধৰি কেইবাজনো আবেদনকাৰীয়ে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰাই দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এই সন্দৰ্ভত মন্তব্য কৰে যে ১৯৭৬ চনৰ সংশোধনীৰ পূৰ্বেও সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত উচ্চতম ন্যায়ালয়ে চকু ৰাখিছে। বিচাৰপীঠৰ মতে, জৰুৰীকালীন সময়ত সংসদৰ সকলো কাৰ্য খাৰিজ কৰিব নোৱাৰি।
উল্লেখ্য যে ১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে অনা সংশোধনীসমূহে প্ৰস্তাৱনাত ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘অখণ্ডতা’ শব্দকেইটা সংযোজন কৰিছিল। ফলত ভাৰত ‘সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য’ৰ পৰা ‘সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য’লৈ পৰিৱৰ্তিত হয়।
গোচৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, “এই সংশোধনীৰ পূৰ্বেও বহুবাৰ উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণ কৰিছে। এই সন্দৰ্ভত সংসদে ব্যৱস্থা গ্ৰহণ কৰিছে। জৰুৰীকালীন অৱস্থাত সংসদে গ্ৰহণ কৰা সকলো পদক্ষেপ খাৰিজ কৰিব নোৱাৰিব।” মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে লগতে কয় যে ২৫ নৱেম্বৰত এই গোচৰৰ ৰায়দান দিয়া হ’ব।













