
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda) কংগ্ৰেছে মণিপুৰ সন্দৰ্ভত কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি কুকিসকলক ‘অবৈধ বিদেশী’ বুলি অভিহিত কৰাত নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

জিৰিবামত নিহত মেইটেই সম্প্ৰদায়ৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশু, ১১ নৱেম্বৰত জাখৰাদাহাৰত দুজন বৃদ্ধ লোক আৰু শেহতীয়াকৈ আৰক্ষীৰ অতিথিশালাৰ আক্ৰমণৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা মেইটেই যুৱকৰ মৃতদেহ শুকুৰবাৰে তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হয়। মেইটেইসকলৰ যুটীয়া মঞ্চই জিৰিবামৰ নিংচিংখুল বায়’-ডাইভাৰ্চিটী পাৰ্কত তেওঁলোকৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতিৰ বাবে বিজেপিক দোষাৰোপ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হস্তক্ষেপ বিচাৰে। আনহাতে, কংগ্ৰেছ সভাপতিলৈ লিখা এক প্ৰতিবাদী পত্ৰত বিজেপি সভাপতি জে পি নাড্ডাই দাবী কৰে যে মণিপুৰত যি ঘটিছে সেয়া কংগ্ৰেছ শাসনৰ ভুল সিদ্ধান্ত আৰু বিফলতাৰ ফল ।
তেওঁ কয়, “কংগ্ৰেছে হয়তো পাহৰি গৈছে যে কংগ্ৰেছৰ তদানীন্তন গৃহমন্ত্ৰী পি চিদাম্বৰমে বিদেশী সন্ত্ৰাসবাদীৰ সৈতে চুক্তি স্বাক্ষৰ কৰি অবৈধ অনুপ্ৰৱেশক বৈধতা প্ৰদান কৰিছিল আৰু তেওঁ গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ মণিপুৰলৈ পলাই যোৱা বিদেশী উগ্ৰপন্থী নেতাসকলক আদৰণি জনাইছিল আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপক উৎসাহিত কৰিছিল।”
প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ নকৰাক লৈ হোৱা সমালোচনাৰ উত্তৰ দি নাড্ডাই কয়, “মণিপুৰক স্বাভাৱিক কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যই দিনে-ৰাতি কাম কৰি আছে। কংগ্ৰেছৰ শাসনকালত বন্ধ, অৱৰোধ, হিংসা, প্ৰাণহানি আৰু মূল্যবৃদ্ধিৰ দ্বাৰা পীড়িত মণিপুৰ আৰু উত্তৰ-পূবে নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত সম্পূৰ্ণ শান্তি লাভ কৰে আৰু ১০ খন ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হয়।
কিন্তু কংগ্ৰেছৰ অতীতৰ প্ৰশাসনিক আৰু নিৰাপত্তা বিফলতাই এই উগ্ৰপন্থী আৰু হিংসাত্মক গোটবোৰক মণিপুৰৰ কঠোৰ পৰিশ্ৰমৰ শান্তি বিফল কৰিবলৈ শক্তি প্ৰদান কৰিছে। কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে এনে কাৰ্য সহ্য নকৰে।”
নাড্ডাৰ এই পত্ৰখনে এক বিতৰ্কৰ সৃষ্টি কৰিছে। কুকি সংগঠনবোৰে দাবী কৰে যে নাড্ডাই কাক “অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী” বুলি দাবী কৰিছে সেয়া মুকলিকৈ ক’ব লাগে।
যুদ্ধবিৰতিৰ সন্দৰ্ভত থকা কুকি সংগঠনটোৰ এজন জ্যেষ্ঠ নেতাই কয়, “বিজেপিয়ে তেওঁলোকৰ সুৰত কথা পাতি পোনপটীয়াকৈ মেইটেইসকলৰ পক্ষ লৈছে। সেয়েহে জনজাতীয় লোকসকলে আৰু ভাৰত চৰকাৰৰ পৰা তেওঁলোকৰ অধিকাৰ আশা নকৰাই ভাল।”
ইফালে বিজেপি চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰা নেচনেল পিপ’লছ পাৰ্টিয়ে (এনপিপি) আজি দলটোৰ সাতজন বিধায়কক মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আহ্বান জনোৱা কোনো বৈঠকত উপস্থিত নাথাকিবলৈ কয়। সংবাদ মাধ্যমৰ আগত কোনো আনুষ্ঠানিক বিবৃতি দিয়াৰ পূৰ্বে তেওঁলোকে দলৰ অনুমতিও ল’ব লাগিব।
আনহাতে, মণিপুৰৰ কিশোৰী পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া কাংগুজামৰ প্ৰ’ফাইলত মণিপুৰ সংঘৰ্ষ সম্পৰ্কে ফেচবুকত আপত্তিজনক পোষ্ট কৰাৰ বাবে প্ৰ’ফাইল ব্লক কৰা হৈছে।
সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই লিচিপ্ৰিয়াই কুকিসকলক দমন কৰিবলৈ আহ্বান জনোৱা, আৰামবাইটেংগলৰ প্ৰশংসা কৰা, সংঘৰ্ষত ব্যৱহাৰৰ বাবে ড্ৰোন ক্ৰয় কৰিবলৈ অনলাইনত ধন সংগ্ৰহ কৰাৰ দৰে কাম কৰি আছিল। অৱশ্যে, বেছিভাগ পোষ্ট মেইটেই ভাষাত আছিল। শেহতীয়াকৈ তেওঁৰ ইংৰাজীত কেইবাটাও পোষ্ট আছে। তাৰ ঠিক পিছতে তেওঁৰ প্ৰ’ফাইল ব্লক কৰা হয়।
লিচিপ্ৰিয়াই এক্স হেণ্ডেলত লিখিছে,”মই কোনো নিয়ম ভংগ কৰা নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মোক ভয় কৰে, সেয়েহে তেওঁলোকে মোৰ কণ্ঠস্বৰ দমন কৰিবলৈ চেষ্টা কৰি আছে। বিগত ৮ বছৰত মই মোৰ কামৰ জৰিয়তে মণিপুৰক বিশ্ব মঞ্চলৈ লৈ গৈছো। সমগ্ৰ বিশ্বৰ নেতাসকলে মোক প্ৰশংসা কৰে। কিন্তু মণিপুৰে মোক হত্যা কৰিবলৈ চেষ্টা কৰে। এইটো মোৰ শেষ পোষ্ট। ”













