
শুকুৰবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত সংঘটিত এক ন়ৃশংস হত্যাকাণ্ডই (Nagaon Murder) সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। একেটা পৰিয়ালৰ তিনিজন সদস্যসহ আন এজন লোকৰ নৃশংস হত্যাকাণ্ডক লৈ সৃষ্টি হয় ৰহস্যৰ।

কিয়নো হত্যাকাণ্ড সংঘটিত হোৱা পৰিয়ালটোৰ জীয়াৰী মৃদুস্মিতা সৰকাৰৰ বিয়াৰ দিন আছিল অহা বুধবাৰ। কিন্তু তাৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া নিজৰ ঘৰত উদ্ধাৰ হয় তেওঁৰ পিতৃ, মাতৃ আৰু ভনীয়েকৰ ৰক্তাক্ত মৃতদেহ। লগতে উদ্ধাৰ হয় আন এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ।
এই চতুৰ্থ মৃতদেহটোক লৈ সৃষ্টি হয় ৰহস্যৰ । ইতিমধ্যে শুকুৰবাৰে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰূপহীহাট আৰক্ষী চকী, নগাঁও সদৰ আৰক্ষী, ডগ স্কোৱাড, ফৰেনচিক দল আৰু চিআইডিৰ দল উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে পৰিয়ালটোৰ জ্যেষ্ঠ জীয়াৰী এগৰাকী চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী আৰু কৰ্মসূত্ৰে তেওঁ নগাঁও চহৰত থাকে। ইতিমধ্যে আৰক্ষীয়ে মৃদুস্মিতা সৰকাৰৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক সোধা-পোছা কৰে।
মৃদুস্মিতাক সোধা-পোছাৰ অন্তত আৰক্ষীয়ে চতুৰ্থ মৃতদেহটো চিনাক্ত কৰে আৰু এই ঘটনাৰ অন্তৰালত প্ৰেমজনিত কাৰণ থকাটো নিশ্চিত কৰে। এই সন্দৰ্ভত শনিবাৰে পুৱা নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে অচিনাক্ত যুৱকজন চিনাক্ত কৰা হৈছে । তেওঁ হৈছে নগাঁৱৰ তেলীয়াপট্টিৰ অংশুমান সৰকাৰ ।
আনহাতে, প্ৰেমজনিত সংঘাতৰ কাৰণৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ২০২২ চনৰে পৰা মৃদুস্মিতা আৰু অংশুমানৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিল। এই সন্দৰ্ভত নগাঁও থানাত এটা গোচৰো ৰুজু হৈ আছে। মৃদুস্মিতা আৰু অংশুমানৰ মাজত ২০২২ চনৰ পৰাই প্ৰেমজনিত সংঘাত আছিল। বিভিন্ন সময়ত হাৰাশাস্তি কৰা বুলিও মৃদুস্মিতাই জনোৱা বুলি কয়।
কিন্তু হত্যাকাণ্ড কেনেদৰে সংঘটিত হ’ল, যদি অংশুমান সৰকাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল তেন্তে তেওঁক কোনে হত্যা কৰিলে, নে তেওঁ আত্মহত্যা কৰিলে এই সকলোবোৰ প্ৰশ্ন এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াই নিয়া বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে তদন্তত সকলো পৰিষ্কাৰ হৈ পৰিব।












