
বন্ধুৰ বিয়া উদযাপন কৰিবলৈ বাংগালুৰুৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কুৰনুললৈ ৩০০ কিলোমিটাৰ ভ্ৰমণ কৰিছিল তেওঁ । কিন্তু বন্ধুৰ হাতত বিয়াৰ উপহাৰ তুলি দিয়ে মৃত্যুৰ কোলাত ঢলি পৰিল যুৱকজন। বিয়াৰ মঞ্চতেই তেওঁ হৃদৰোগত আক্ৰান্ত হয়।

মৃত ব্যক্তিজনৰ নাম ভামচি তেওঁ আমাজনৰ (Amazon) এজন কৰ্মচাৰী আছিল। তেওঁ বেংগালুৰুৰ আমাজন কাৰ্যালয়ত কাম কৰিছিল। তেওঁ তাতেই বাস কৰিছিল। বন্ধুৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তেওঁ কুৰনুললৈ গৈছিল। লগত উপহাৰো লৈ গৈছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
তাত দেখা গৈছে যে যুৱকজনে মঞ্চত উঠি দৰাক এটা উপহাৰ দিয়ে। দৰাজনে লগে লগে তেওঁৰ বন্ধুৰ উপহাৰটো খুলিব বিচাৰে। উপহাৰটো খুলিবলৈ প্ৰস্তুতি চলাই থাকোতেই যুৱকজন হঠাতে অসুস্থ হৈ পৰে আৰু সকলোৰে অজ্ঞাতে তেওঁ মঞ্চত সংজ্ঞা হেৰুৱাই বাগৰি পৰে।
লগে লগে তেওঁ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। যুৱকজন হঠাতে হৃদৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অৱশ্যে প্ৰতিবেদন আহিলেহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
যুৱকজনে বিয়াখনত কি খাইছিল আৰু দীঘলীয়া যাত্ৰাৰ ক্লান্তি তেওঁৰ অসুস্থতাৰ কাৰণ আছিল নেকি সেয়াও অনুসন্ধান কৰা হৈছে। ইফালে এই ঘটনাৰ পিছত বিয়াৰ আনন্দত শোকৰ ছাঁ পৰে। পৰিয়ালৰ সূত্ৰ অনুসৰি, যুৱকজন দৰাৰ অতি ঘনিষ্ঠ বন্ধু আছিল।













