
দুচকুত অলেখ সপোন লৈ দুটি মন এটি হোৱাৰ সংকল্পৰে বিয়াত বহিছিল। কিন্তু বিয়াত বহিলেও সংসাৰ কৰা নহ’ল। আনকি নৱদম্পতীৰ গৃহ প্ৰৱেশ কৰাও নহ’ল।

ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাত চালকজনে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। এই দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ (Uttarpradesh Accident) বিজনুৰত বিয়াৰ পিছত ঘৰলৈ উভতি অহাৰ সময়তে নৱবিবাহিত দম্পতীকে ধৰি ৭ জন লোকৰ মৃত্যু হয়।
শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা। ঘন কুঁৱলীৰ বাবে গাড়ীখনৰ চালকে সন্মুখত থকা এখন টেম্পো মণিব নোৱাৰি তাত জোৰেৰে খুন্দা মাৰে। ফলত থিতাতে মৃত্যু হয় ৭ জন লোকৰ। শুকুৰবাৰে নিশা ঝাৰখণ্ডত বিবাহপাশত আবদ্ধ হৈ পত্নীৰ সৈতে বিজনুৰৰ ধমপুৰস্থিত নিজৰ ঘৰলৈ উভতি আহিছিল স্বামীয়ে।
কিন্তু শনিবাৰে পুৱতি নিশা ৭৪ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনখনে এখন টেম্পোত খুন্দা মাৰে। এই দুৰ্ঘটনাত টেম্পো আৰু গাড়ী দুয়োখনেই খাৱৈত বাগৰি পৰে।
জানিব পৰা মতে গাড়ীখনত ১১ জন যাত্ৰী আছিল। থিতাতে মৃত্যু হয় নৱবিবাহিত দম্পতী আৰু পৰিয়ালৰ চাৰিজন সদস্যৰ। স্থানীয় চিকিৎসালয়ত দুজন আহত লোক চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ মতে, ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাটোৱেই এই দুৰ্ঘটনাৰ কাৰণ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।












