
মাংসৰ পৰিৱৰ্তে পাতত দিলে কেৱল জোল। তাৰ পিছতে আৰম্ভ হয় কাজিয়া। বিজেপি সাংসদৰ ছাগলীৰ মাংসৰ পাৰ্টী গৈ যুদ্ধক্ষেত্ৰত পৰিণত হয়। ইফালে আহাৰ গ্ৰহণৰ মাজতে মাংস আৰু জোলক লৈ কাজিয়া হোৱাত অতিথিসকলে পাৰ্টীৰ পৰা পলায়ন কৰে। উত্তৰ প্ৰদেশৰ (Uttar pradesh) ভাদোহী জিলাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ভাদোহীৰ বিজেপি সাংসদ বিনোদ বিন্দেয়ে মিৰ্জাপুৰৰ দলীয় কাৰ্যালয়ত ছাগলীৰ মাংসৰে এক ভোজৰ আয়োজন কৰিছিল। ভোজলৈ আহিছিল ওচৰৰ গাঁৱৰ পৰা ২৫০ জন লোক। দলৰ অফিচৰ সন্মুখতে সকলোকে খুওৱাৰ ব্যৱস্থা কৰিছিল। সকলো ঠিকেই চলি আছিল। গাঁৱৰ মানুহক মাংস আৰু ৰুটি পৰিবেশন কৰা হয়। সকলোৱে খোৱাত ব্যস্ত হৈ থাকোঁতে সাংসদজনৰ গাড়ীচালকৰ ভাতৃ অফিচলৈ আহে।
স্থানীয় সূত্ৰ অনুসৰি, সাংসদজনৰ গাড়ীচালকৰ ভাতৃয়েও খাদ্য পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত এজন যুৱকৰ পাতত মাংসৰ সলনি কেৱল জোলহে দিয়া বুলি দাবী কৰা হয়। মাংসৰ সলনি কেৱল জোল কিয় দিয়া হ’ল তাকে লৈ আৰম্ভ হয় বিবাদ। এটা সময়ত পৰিস্থিতি তৰ্কৰ পৰা কাজিয়ালৈ ৰূপান্তৰ ঘটে। এই ঘটনাত দুয়োপক্ষৰ কেইবাজনো লোক সংঘাতত লিপ্ত হয়।
খাদ্যৰ পাত্ৰও দলিয়াই পেলায় দিয়া হয়। অভিযোগ অনুসৰি মাংস আৰু জোল পেলাই দিয়া হয়। কেৱল সেয়াই নহয়, পৰিস্থিতি এনে এটা স্তৰত উপনীত হয় যে দুয়োপক্ষৰ মাজত লাথি আৰু ঘুঁচিয়া-ঘঁচিও আৰম্ভ হয়। এই পৰিস্থিতিত গাঁওবাসীয়ে খাদ্য পেলাই দিবলৈ ধৰে।
ইফালে সাংসদগৰাকীৰ কার্যালয়ৰ দায়িত্বত থকা উমা শংকৰ বিন্দেৰ দাবী, গাঁওখনৰ কেইবাজনো লোক সুৰাপান কৰি কার্যালয়লৈ আহিছিল৷ তেওঁলোকে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ততাতৈয়াকৈ তেওঁলোকক ঘটনাস্থলীৰ পৰা আঁতৰাই দিয়া হয়।












