
উত্তৰ প্ৰদেশৰ ঝান্সীত এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত (Uttarakhand Fire) ১০টি নৱজাতকে কৰুণ মৃত্যুক সাৱটিবলগা হয়। আনহাতে, উদ্ধাৰ কৰা হয় কমেও ৩৭টা শিশু। শুকুৰবাৰে নিশা ঝান্সী মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰথম অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ বাবে চিকিৎসালয়খনৰ শিশু বিভাগত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ঘটনাস্থলীলৈ উপস্থিত হয় ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক।
প্ৰশাসনিক সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত ঝান্সী চিকিৎসা মহাবিদ্যালয়ৰ এন আই চি ইউ (নিউটেল ইনচেনটিভ কেয়াৰ ইউনিট)ত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ অনুসৰি, শুকুৰবাৰে নিশালৈকে এই অগ্নিকাণ্ডত ১০ টা শিশুৰ মৃত্যু হৈছে। ঘটনাস্থলীত ৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে।
অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই এন আই চি ইউৰ খিৰিকী ভাঙি বহু ৰোগীক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে। বহু শিশুক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, হঠাতে এন আই চি ইউত ধোঁৱাই আৱৰি ধৰে।
অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বেই শিশু বিভাগৰ খিৰিকী ভাঙি ৩৭টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঝান্সী জিলা দণ্ডাধীশ অবিনাশ কুমাৰে কয়, “অগ্নিকাণ্ডৰ সঠিক কাৰণৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছে। অধিকাংশ শিশুক উদ্ধাৰ কৰা হয়। এই পৰ্যন্ত ১০ টা শিশুৰ মৃত্যু হৈছে।”
আনহাতে, মুখ্যমন্ত্রী যোগী আদিত্যনাথে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ছ’চিয়েল মিডিয়াত লিখিছে, “ঝান্সী চিকিৎসা মহাবিদ্যালয়ৰ এন আই চি ইউত অগ্নিকাণ্ডৰ ফলত হোৱা শিশুৰ মৃত্যু অতি দুখজনক৷ মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক। আহতসকল সোনকালে সুস্থ হৈ উঠক।”












