
মণিপুৰৰ (Manipur) জিৰিবামৰ সাহায্য শিবিৰৰ পৰা অপহৰণ কৰা তিনিটা শিশু আৰু তিনিগৰাকী মহিলাৰ ভিতৰত তিনিটা মৃতদেহ উদ্ধাৰ হৈছে। মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া অসম-মণিপুৰ সীমান্তৰ জিৰি নদীত এগৰাকী মহিলা আৰু দুটি শিশুৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়।

তেওঁলোকৰ পৰিচয় অৱশ্যে নিশ্চিত কৰিব পৰা হোৱা নাই। জিৰিঘাট অঞ্চলৰ জিৰি আৰু বৰাক নদীৰ সংযোগস্থলৰ পৰা নিৰাপত্তাৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰে। নিশা মৃতদেহকেইটা শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আনহাতে, অসম আৰক্ষীয়ে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃতদেহ তিনিটা অহাৰ কথা নিশ্চিত কৰিছে। অৱশ্যে কৰ্তব্যৰত একাংশ আৰক্ষীয়ে মৃতদেহ তিনিটা প্ৰাপ্তবয়স্ক লোকৰ বুলি দাবী কৰে। মেইটেইসকলে দাবী কৰে যে মাৰ জনগোষ্ঠীয়ে এই মহিলা আৰু শিশুসকলক অপহৰণ কৰিছিল।
তেওঁলোকক উদ্ধাৰ কৰিবলৈ ৰাজ্যৰ আৰক্ষী বিষয়া জিৰিবামলৈ যায়। কিন্তু আৰক্ষী বিষয়াসকলে নিশা মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰক লৈ স্পষ্টকৈ একো কোৱা নাই। ইফালে কাছাৰৰ আৰক্ষী অধীক্ষকে কয়, “ময়ো শুনিছো। অৱশ্যে কাছাৰত কোনো মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱা নাই। মণিপুৰত হ’ব পাৰে।”
আনহাতে, অসমৰ ডিজিপি জি পি সিঙে কয়, “অসমত কোনো মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ নাই।” ইফালে মেইটেইসকলৰ যৌথ মঞ্চ কোকোমিয়ে কয় যে তেওঁলোকে এই সন্দৰ্ভত কোনো নিশ্চিত খবৰ পোৱা নাই। কুকি যুটীয়া মঞ্চই কয়, তেওঁলোকেও বিষয়টো শুনিছে, কিন্তু ভালদৰে একো নাজানে।












