
বুধবাৰে কেৰালাৰ ৱায়ানাড় লোকসভাৰ উপ-নিৰ্বাচনত (Wayanad Bypoll) ৬৪.৭২ শতাংশ ভোটদান হয়, যিটো বিগত কেইটামান লোকসভা নিৰ্বাচনতকৈ বহু কম। ভোটদানৰ হাৰ কিয় ইমান কমিছে সেই লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰ্চা আৰম্ভ হৈছে।

কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় যে ভোটৰ হাৰ হ্ৰাস পোৱাৰ কাৰণ জানিবলৈ দলীয় পৰ্যায়ত পৰ্যালোচনা কৰা হ’ব। ভোটৰ হাৰ হ্ৰাস পোৱাৰ বাবে সকলো কংগ্ৰেছ নেতাই চিন্তিত বুলিও মন্তব্য কৰে। ৱায়ানাড়ত এইবাৰ উপ-নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচনৰ ক্ষেত্ৰখনত ভৰি দিছে প্ৰিয়ংকা গান্ধীয়ে।
চলিত বৰ্ষৰ আৰম্ভণিতে ৱায়ানাড়ৰ পৰা ৰাহুল গান্ধীয়ে জয়লাভ কৰে যদিও পিছত তেওঁ আসনখন খালী কৰে আৰু কংগ্ৰেছে উপ-নিৰ্বাচনত প্ৰিয়ংকাক প্ৰক্ষেপ কৰে। ৰাহুল গান্ধী প্ৰাৰ্থী হোৱাৰ সময়ত ভোটৰ হাৰ আছিল ৭২.৯২ শতাংশ। ইয়াৰ পূৰ্বে ২০১৯ চনত যেতিয়া ৰাহুল প্ৰাৰ্থী আছিল তেতিয়াও ৱায়ানাড়ত ভোটৰ হাৰ আছিল ৮০.৩৩ শতাংশ।
সাধাৰণতে উপ-নিৰ্বাচনত ভোটদানৰ হাৰ অলপ কম হয়। অৱশ্যে এইবাৰ উপ-নিৰ্বাচনক কংগ্ৰেছে যথেষ্ট গুৰুত্ব দিছে। কংগ্ৰেছে পাঁচ লাখৰো অধিক ভোটৰ ব্যৱধানত প্ৰিয়ংকাক জয়ী কৰোৱাৰ লক্ষ্য লৈছে। কিন্তু ভোটাৰৰ ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে সেই লক্ষ্যও কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।
পৰিসংখ্যা অনুসৰি, ২০১৯ চনত ৱায়ানাড়ত ৮০.৩৩ শতাংশ ভোট পৰাৰ সময়তো ৰাহুলে পাঁচ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব পৰা নাছিল। সেইবাৰ ৰাহুলৰ জয়ৰ ব্যৱধান আছিল ৪ লাখ ৩১ হাজাৰ ভোট। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাহুলে ৩ লাখ ৫০ হাজাৰৰ অলপ বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল।
কিন্তু মাত্ৰ সাত মাহৰ ভিতৰতে ৱায়ানাড়ত ভোটাৰৰ ভোটদানৰ হাৰ কিয় ইমান হ্ৰাস পাইছে সেই সম্পৰ্কেও কংগ্ৰেছৰ ভিতৰত এক পৰ্যালোচনা আৰম্ভ হৈছে। স্থানীয় নেতাৰ এটা অংশৰ মতে, ভোটদানৰ অনিচ্ছাৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত ৱায়ানাড়ৰ ধ্বংসলীলাৰ পিছত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে। যাৰ বাবে একাংশ ভোটাৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে।
ভুক্তভোগীসকলৰ পুনৰ্বাসনৰ বন্দোবস্তক লৈও একাংশ ভোটাৰৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। আনহাতে, সাত মাহ পূৰ্বে ভোটদান কৰাসকলৰ এটা অংশ ৱায়ানাড়ত উপস্থিত নাই। অনুমান কৰা হৈছে যে কেইবাটাও কাৰণত ভোটাদানৰ হাৰ কমিছে।













