
উত্তৰ প্ৰদেশৰ (Uttar pradesh) একেখন গাঁৱৰ ৪০ গৰাকী অবিবাহিত মহিলা ‘গৰ্ভৱতী’ হোৱাৰ এক অবিশ্বাস্য ঘটনা সংঘটিত হৈছে। ঘটনাটো সংঘটিত হৈছে বাৰাণসীৰ মহালিয়া গাঁৱত। আনহাতে, তেওঁলোকক মাতৃ হোৱাৰ আগতীয়াকৈ শুভেচ্ছাও প্ৰেৰণ কৰা হয়।

কেৱল সেয়াই নহয়, ৰাজ্যিক শিশু বিকাশ বিভাগেও মোবাইল ফোনৰ জৰিয়তে এগৰাকী গৰ্ভৱতী মহিলা হিচাপে কি কি চৰকাৰী লাভালাভ উপলব্ধ হ’ব সেয়াও জনায়! এগৰাকী এগৰাকীকৈ যুৱতীসকলে ‘মাতৃ’ হোৱাৰ মোবাইলত আগতীয়াকৈ চৰকাৰী শুভেচ্ছা বাৰ্তা পোৱাৰ পিছত হতবাক হৈ পৰে।
বাৰ্তাটোত লিখা আছিল, “আপোনাৰ নাম পঞ্জীয়ন কৰা হৈছে। ‘গৰ্ভৱতী মহিলা’ৰ বাবে সকলো চৰকাৰী সুবিধা অংগনৱাড়ী কেন্দ্ৰৰ পৰা উপলব্ধ হ’ব। আপুনি অধিক বিৱৰণৰ বাবে ১৪৪০৮ নম্বৰত যোগাযোগ কৰিব পাৰে। ইফালে এই বাৰ্তা পোৱাৰ পিছত যুৱতীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
বাৰাণসীৰ মুখ্য উন্নয়ন বিষয়া হিমাংশু নাগপালে (চিডিঅ’) কয় যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে প্ৰাথমিকভাৱে অংগনৱাড়ী কৰ্মীৰ ভুলৰ বাবে এই ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে। কৰ্তব্যত অৱহেলা কৰাৰ বাবে কৰ্মচাৰীসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। পঞ্চায়ত প্ৰধান অমিত পেটেলে কয় যে মুখ্য উন্নয়ন বিষয়াৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে।
অভিযোগ পোৱাৰ পিছত এটা তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে অংগনৱাড়ী কৰ্মীৰ ভুলৰ বাবে ই ঘটনাটো সংঘটিত হয়। অৱশ্যে, এইটো ভুলৰ বাবে হৈছিল নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছে সেয়া অনুসন্ধান কৰা হৈছে।













