
দিল্লীত প্ৰদূষণৰ (Delhi Pollution) মাত্ৰা অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ ৰাজধানী কুঁৱলীৰে আৱৰি ধৰিছে। বৃহস্পতিবাৰে পুৱা ৬ বজাত বায়ুৰ গুণাগুণ আছিল ৪৩২। যিটো গুৰুতৰ।ঘন কুঁৱলীৰ বাবে পুৱাৰ পৰা দৃশ্যমানতা কম হোৱাৰ বাবে বিমান আৰু ৰে’ল যাতায়াত ব্যাহত হৈ পৰিছে।

ইফালে পুৱা প্ৰায় ৫.৩০ বজাত অমৃতসৰ আৰু পাঠানকোট বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা শূন্যলৈ হ্ৰাস পায়। পুৱা সাত বজালৈকে উত্তৰ প্ৰদেশৰ গোৰখপুৰ বিমানবন্দৰতো একেই পৰিস্থিতি। বৃহস্পতিবাৰে পুৱাই ইণ্ডিগ’ৱে এক্স হেণ্ডেলত পোষ্ট কৰে যে ঘন কুঁৱলীৰ বাবে বিমান চলাচলত পলম হ’ব। এই বিষয়ত যাত্ৰীসকলক সচেতন কৰি দিয়ে।
ইণ্ডিগ’ৰ বিবৃতিত কোৱা হৈছে, “ঘন কুঁৱলীৰ বাবে অমৃতসৰ, দিল্লী আৰু বাৰাণসী বিমানবন্দৰত বিমান পৰিবহণত সমস্যাৰ সন্মুখীন হৈছে। যাত্ৰীসকলক অনুৰোধ, বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বে আপোনালোকৰ টেব ফ্লাইট মোডত ৰাখে যেন। ইয়াৰ উপৰি ঘন কুঁৱলীৰ বাবে যান-বাহনৰ চলাচলতো সমস্যাৰ সৃষ্টি হৈছে। গতিকে হাতত সময় লৈ ওলাই আহে যেন। অলপ অপেক্ষা কৰিব। আপোনাৰ নিৰাপদ যাত্ৰা হওঁক।”
ইফালে, যোৱা বুধবাৰৰ পাছত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বিপদসীমা অতিক্ৰম কৰিছে। দিল্লীৰ পৰা ২৫০ কিলোমিটাৰ নিলগত চণ্ডীগড়ত বৃহস্পতিবাৰে পুৱা বায়ুৰ গুণাগুণ ৪১৫। ইয়াৰ উপৰি গাজিয়াবাদত (৩৭৮), নয়দাত (৩৭২), গুৰুগ্ৰামত (৩২৩), যিটো অতি শোচনীয়।চিকিৎসকৰ মতে নিৰন্তৰ প্ৰদূষণৰ ফলত উশাহ-নিশাহৰ সমস্যাৰ দৰে সমস্যা তীব্ৰ হৈ উঠিব পাৰে।













