
মহাত্মা গান্ধী আৰু কৃষক আন্দোলনক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱতলৈ (Kangana Ranaut) আদালতে জাননী জাৰি কৰে। ২৮ নৱেম্বৰৰ ভিতৰত তেওঁক এই অভিযোগৰ উত্তৰ দিবলৈ কোৱা হৈছে।

যোৱা ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ আগ্ৰাৰ সাংসদ-বিধায়ক আদালতত হিমাচল প্ৰদেশৰ মাণ্ডীৰ সাংসদ কংগনাৰ বিৰুদ্ধে ৰমাশংকৰ শৰ্মা নামৰ এজন অধিবক্তাই গোচৰ ৰুজু কৰিছিল।
মহাত্মা গান্ধী আৰু কৃষক আন্দোলন সম্পৰ্কে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কংগনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে। তাৰ ওপৰত ভিত্তি কৰি আদালতৰ এই পদক্ষেপ।শৰ্মাই কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৮ নৱেম্বৰত হ’ব।
উল্লেখযোগ্য যে কংগনা সদায় বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চিত হৈ আহিছে। কেতিয়াবা স্বাধীনতা সংগ্ৰামত গান্ধীৰ পথ আৰু ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কেতিয়াবা কয়, “১৯৪৭ চনত স্বাধীনতা লাভ কৰা হোৱা নাছিল। ভিক্ষা দিয়া হৈছিল।”
কেতিয়াবা কৈছে, “হিমাচল কংগ্ৰেছ চৰকাৰে ধন ধাৰে লৈ ছোনিয়া গান্ধীক দিছে।” যোৱা আগষ্ট মাহত ছ’চিয়েল মিডিয়াত কংগনাই লিখিছিল, “ভাৰতত কৃষক আন্দোলনে বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিলেহেঁতেন৷ কিন্তু শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বুদ্ধিমান সিদ্ধান্তৰ বাবেই সেইটো হ’ব নোৱাৰিলে।”
উক্ত পোষ্টটোত কংগনাই এয়াও লিখিছে, “কৃষকৰ আন্দোলনৰ সময়ত বহু মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছিল। সেই সময়ত বহুত ধৰ্ষণো সংঘটিত হৈছিল।”












