
এটা ম’হৰ (Buffallo) বাবু সৰ্বাধিক মূল্য কিমান হ’ব পাৰে ? এক লাখ, দুই লাখ, ২০ লাখ…। ৰ’ব, লাখ টকাতে সীমাবদ্ধ থকা নাই এটা ম’হৰ মূল্য। এই ম’হটোৰ মূল্যই কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

এই বিশেষ ম’হটো ওলাইছে হাৰিয়ানাৰ পুষ্কৰ মেলাত। ম’হটোৰ ওজন ১৫০০ কেজি। যাৰ বাবে এতিয়া তাৰ ওপৰত সকলোৰে দৃষ্টি। ম’হটোৰ নাম হৈছে আনমোল।
এই ম’হটোৰে মূল্য ২৩ কোটি টকালৈ উঠিছে। কিন্তু কিহৰ কাৰণে তাৰ ইমান দাম? জানিব পৰা মতে এই ৮ বছৰীয়া ম’হটোৱে সমগ্ৰ দেশজুৰি কৃষক মেলাত জনপ্ৰিয়তা লাভ কৰিছে।
আনমোলৰ এয়া কেৱল ৰূপেই নহয়, বৰঞ্চ তাৰ বংশবৃদ্ধিৰ ক্ষমতাও অসাধাৰণ। এই আনমোলে ৩০০ৰ পৰা ৯০০ পশু প্ৰজননত সহায় কৰিব পাৰে।
আনমোলৰ মালিক গিলে এই লাভজনক ব্যৱসায় কৰি প্ৰতিমাহে ৪ৰ পৰা ৫ লাখ টকা উপাৰ্জন কৰে। আনমোলৰ দৈনিক খৰচো অতি ব্যয়বহুল, প্ৰায় ১৫০০ টকা। ম’হটোৰ খাদ্যত শুকান ফল, ডালিম, কল, গাখীৰ, কণী আদি থাকে। লগতে অইল কেক, সেউজীয়া ঘাঁহ আৰু দেশী ঘিউ। মুঠতে সকলো পুষ্টিকৰ খাদ্য।
ইয়াৰ উপৰি আনমোলৰ যত্নৰ বাবে বিশেষ আলমণ্ড আৰু সৰিয়হৰ তেলৰ মিশ্ৰণেৰে দৈনিক দুবাৰকৈ গা ধুওৱা হয়। কিন্তু আনমোলক কিনিবৰ বাবে ২৩ কোটি টকাৰ অফাৰ পোৱাৰ পিছতো মালিক গিলে বিক্ৰী কৰাৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই। মালিক গিলে নিজৰ ভাতৃৰ দৰেই ভালপায় আনমোলক।












