
জাৰ্মানীৰ এটা প্ৰাচীন পুথিভঁৰালত এক অদ্ভুত সংস্কৃত গ্ৰন্থ (Sanskrit Book) আৱিষ্কাৰ হোৱাৰ ফলত গৱেষকসকলৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। ই হৈছে এখন পুৰণি পাণ্ডুলিপি, যাৰ ভাষা, লেখা আৰু বিষয়বস্তু এতিয়াও বিজ্ঞানীসকলৰ বাবে সম্পূৰ্ণ অজ্ঞাত।

যদিও এই পাণ্ডুলিপিখন সাধাৰণ ভাৰতীয় সংস্কৃত গ্ৰন্থ হিচাপে গণ্য কৰা হয়, তথাপিও ইয়াৰ বিশেষ বৈশিষ্ট্যই গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।
পাণ্ডুলিপিৰ পৃষ্ঠাবোৰ এনেদৰে সজাই থোৱা হৈছে যেন কোনো ৰহস্যময় ক’ড বা প্ৰতীক। বিশেষজ্ঞসকলে প্ৰথমে ইয়াক ধৰ্মীয় বা আধ্যাত্মিক গ্ৰন্থ বুলি ভাবিছিল যদিও ইয়াৰ ভাষা পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে ইয়াক অধিক গভীৰ কিবা এটা বুলি বিশ্বাস কৰে।
পাণ্ডুলিপিখনৰ পাঠ্য এখন প্ৰাচীন সংস্কৃত ভাষাত লিখা হৈছে, যিটো আধুনিক সংস্কৃত ভাষাৰ পৰা বহু পৃথক। আনকি কিছুমান আখৰ আৰু শব্দৰ অৰ্থ বুজিবলৈ বহু সময় লাগিছে।
একাংশ বিশেষজ্ঞৰ মতে, এয়া হয়তো কোনো অদৃশ্য সংস্কৃত শৈলী বা ভাষাৰ প্ৰমাণ হ’ব পাৰে, যিটো কেতিয়াও জনা নাযায়। আহাতে, জাৰ্মানীলৈ কিতাপখন কেনেকৈ আহিল আৰু ইয়াৰ পটভূমি কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু কিছুমান ইতিহাসবিদৰ মতে ই হয়তো প্ৰাচীন বাণিজ্যিক পথেৰে ইউৰোপত উপস্থিত হৈছিল।
ভাৰতীয় পণ্ডিত বা ভাৰতৰ ব্যৱসায়িক প্ৰতিনিধিয়ে এনে গ্ৰন্থ আনিব পাৰে। এতিয়া বিভিন্ন দেশৰ বিশেষজ্ঞসকলে একত্ৰিত হৈ এই পাণ্ডুলিপি বিশ্লেষণ কৰিছে। কিছুমান ভাষাবিদ আৰু সাংস্কৃতিক গৱেষকে ইয়াক সম্ভৱতঃ কোনো অজ্ঞাত প্ৰাচীন সভ্যতাৰ চিন বুলি ভাবে।
যদিও এয়া এক ৰহস্যময় আৱিষ্কাৰ, ভৱিষ্যতে ই বিজ্ঞান আৰু ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ো হ’ব পাৰে। এই ৰহস্যময় গ্ৰন্থখন সঁচাকৈয়ে কোনো শক্তিৰ পথ প্ৰদৰ্শক নেকি, নে ইতিহাসৰ এটা টুকুৰাৰ অংশহে, সেয়া হ’ব লক্ষণীয়।












