
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) সম্পন্ন কৰিছে এক নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষণ। ওড়িশাৰ চণ্ডীপুৰত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আই টি আৰ) পৰা অহা এটা মোবাইল আৰ্টিকুলেটেড লঞ্চাৰৰ দ্বাৰা ‘লং ৰেঞ্জ লেণ্ড এটেক মিছাইল’ৰ প্ৰথমটো পৰীক্ষণ কৰা হয়।

বিভিন্ন ৰেঞ্জ চেন্সৰৰ জৰিয়তে ক্ষেপণাস্ত্ৰৰ কাৰ্যক্ষমতা নিৰীক্ষণ কৰা হয়। ‘ৱে পইণ্ট নেভিগেচন’ ব্যৱহাৰ কৰি এই মিছাইলটোৱে আশা কৰা ধৰণে ট্ৰেজেক্টৰী সফলতা সম্পন্ন কৰে। বিশেষজ্ঞৰ এটা দলৰ মতে, এই সফল পৰীক্ষাই ভৱিষ্যতে ভাৰতক আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতক বহুদূৰ আগুৱাই নিব।
ডি আৰ ডি অ’ আৰু এৰ’নটিকেল ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট, বাংগালুৰুৱে যৌথভাৱে এই ক্ষেপণাস্ত্ৰ তৈয়াৰ, নিৰ্মাণ আৰু পৰীক্ষণ কৰিছে। আন কেইবাটাও চৰকাৰী সংস্থাই সহযোগী হিচাপে কাম কৰিছে। ইয়াৰ ভিতৰত আছে হায়দৰাবাদৰ ভাৰত ডাইনেমিক্স লিমিটেড আৰু বাংগালুৰুৰ ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেড।
এই ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সময়ত ডি আৰ ডি অ’ৰ বিষয়াৰ লগতে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়াও উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু সহযোগী সংস্থাসমূহক এই সফল পৰীক্ষণ উৎক্ষেপণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।












