
‘বুলড’জাৰ নীতি’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। কোনো অপৰাধমূলক গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হ’লে শাস্তিমূলক ব্যৱস্থা হিচাপে কোনো ব্যক্তিৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত (Supreme Court) গোচৰ ৰুজু কৰা হৈছিল।

বুধবাৰে একেটা গোচৰতে উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষী-প্ৰশাসনে কাকো ‘দোষী’ সাব্যস্ত কৰি শাস্তি দিব নোৱাৰে। এতিয়াৰে পৰা ঘৰ ভঙা আৰু অন্যান্য ‘অবৈধ’ আন্তঃগাঁথনিৰ কাম কিছুমান নিয়ম অনুসৰি কৰিব লাগিব।
বুধবাৰে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই ৰায়দান কৰে।
ন্যায়াধীশ গাভায়ে বুধবাৰে কয়, “আমি বাসস্থানৰ অধিকাৰৰ দিশটোক অতি গুৰুত্বসহকাৰে লৈছো। সংবিধানৰ ১৯ আৰু ২১ নং অনুচ্ছেদতো ইয়াৰ উল্লেখ আছে। গৃহ নিৰ্মাণৰ অধিকাৰ এক মৌলিক অধিকাৰ। নিৰীহ লোকক এনে অধিকাৰৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণ অসাংবিধানিক।”
ন্যায়াধীশগৰাকীৰ মতে, যেতিয়া কোনো বিশেষ ঘৰ বা গাঁথনি হঠাতে ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হয়, তেতিয়া ধৰি ল’ব পাৰি যে এই কাৰ্য অবৈধ নিৰ্মাণ ৰোধৰ বাবে কৰা নহয়, বৰঞ্চ আইনৰ ঊৰ্ধ্বত যোৱা যিকোনো ব্যক্তিক শাস্তি দিয়াৰ বাবে কৰা হৈছে । গাভায়ে কয়, “এই ধৰণৰ ক্ষমতাৰ অপব্যৱহাৰ মানি ল’ব নোৱাৰি। কোনো এজন ব্যক্তিয়ে বিচাৰ কৰিব নোৱাৰে যে কোন দোষী হয় আৰু কোন দোষী নহয়। এনেকৈ কোনেও আইন হাতত ল’ব নোৱাৰে।”
জাননী প্ৰেৰণ কৰাৰ পিছত ১৫ দিনৰ সময় দিব লাগে। তাৰ পিছত বিষয়টো জিলা দণ্ডাধীশক অৱগত কৰাব লাগে। উলংঘাৰ ক্ষেত্ৰত জিলা দণ্ডাধীশে নিযুক্তি দিয়া ন’ডেল বিষয়াৰ তত্ত্বাৱধানত বিবেচনা কৰা হ’ব। উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰিও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে।
উচ্চতম ন্যায়ালয়ে ‘বুলড’জাৰ নীতি’ক লৈ প্ৰশ্নও উত্থাপন কৰে।
এই গোচৰৰ অন্তৱৰ্তীকালীন আদেশ ১ অক্টোবৰত বৃদ্ধি কৰি ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ বিশ্বনাথনৰ বিচাৰপীঠে কয় যে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কোনো ঘৰ বা দোকান বুলড’জাৰেৰে ভাঙিব নোৱাৰিব। ন্যায়াধীশ দুগৰাকীয়ে কেন্দ্ৰক প্ৰশ্ন কৰে যে অপৰাধমূলক গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হ’লেও তেওঁৰ ঘৰ কিয় বুলড’জাৰেৰে ভাঙিব লাগে? বৰঞ্চ ঘৰ ভাঙি পেলোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ম থাকিব লাগে।
আনহাতে, কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়ায় যে ‘বুলড’জাৰৰ ব্যৱস্থা’ তেতিয়াহে গ্ৰহণ কৰা হয়, যেতিয়া কোনো ঘৰ বা গাঁথনি অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বুলি প্ৰমাণ পোৱা যায়। উত্তৰত ন্যায়াধীশ গাভায়ে কয় যে তেওঁলোকে এই সন্দৰ্ভত নিৰ্দিষ্ট নিয়ম প্ৰণয়ন কৰিব।
ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে অৱগত কৰে যে তেওঁলোকে অবৈধ নিৰ্মাণক বচাবলৈ এই কথা কোৱা নাই। কিন্তু এই ক্ষেত্ৰত এটা নিয়ম থাকিব লাগে। অৱশ্যে উচ্চতম ন্যায়ালয়ে লগতে কয় যে এই অন্তৱৰ্তীকালীন আদেশ ধৰ্মীয় অনুষ্ঠান বা পথ বা ফুটপাথৰ মাজত অবৈধ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।













