
অহা ১৮-১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi) । মঙলবাৰে এই কথা অৱগত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ব্ৰাজিললৈ যোৱাৰ পূৰ্বে ১৬-১৭ নৱেম্বৰত তেওঁ আফ্ৰিকান দেশ নাইজেৰিয়া ভ্ৰমণ কৰিব।

উল্লেখ্য যে এইবাৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। আহাতে, দক্ষিণ আমেৰিকাৰ আন এখন দেশ গায়েনাও ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
যোৱা বছৰৰ ১০ নৱেম্বৰত দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ শেষত মোডীয়ে আনুষ্ঠানিকভাৱে সভাপতিত্ব পদৰ ‘গেভেল’ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক অৰ্পণ কৰিছিল। পৰম্পৰা অনুসৰি এইবাৰ ব্ৰাজিলে এই সন্মিলন আয়োজন কৰিছে।
বাণিজ্য আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপৰি ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিও এইবাৰ জি-২০ত আলোচনাৰ বিষয় হ’ব বুলি আশা কৰা হৈছে। আনহাতে, নাইজেৰিয়া আৰু গায়েনা ভ্ৰমণৰ উদ্দেশ্য হ’ব দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা।
ছাউথ ব্লকৰ এক সূত্ৰ মতে, জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মোডীৰ বৈঠক হ’ব পাৰে। তেনে ক্ষেত্ৰত এমাহৰ ভিতৰত পুনৰ দুয়োজন নেতাৰ সাক্ষাৎ হ’ব। ২২ অক্টোবৰত ৰাছিয়াৰ কাজানত ব্ৰিকছ দেশৰ (ভাৰত, ৰাছিয়া, চীন, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা) ১৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰি ছি জিনপিঙৰ সৈতে মোডীয়ে বৈঠকত মিলিত হৈছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনিবুৰ সৈতে মোডীৰ বৈঠকত দ্বিপাক্ষিক বাণিজ্য, শক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা গুৰুত্বপূৰ্ণ হ’ব। বিগত ডেৰ দশকত ২০০ টা ভাৰতীয় কোম্পানীয়ে আফ্ৰিকান দেশখনত ২৭ বিলিয়ন ডলাৰ (প্ৰায় ২ লাখ ২৮ হাজাৰ কোটি) বিনিয়োগ কৰিছে। অনাগত দিনত ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্য মোডীৰ।
আনহাতে, ১৯-২১ নৱেম্বৰলৈ গায়েনা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ আমন্ত্ৰণত সংসদত ভাষণ দিব মোডীয়ে। লগতে দুয়োখন দেশতে ভাৰতীয় মূলৰ সভাত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে প্ৰায় ১৭ বছৰৰ পাছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিব আৰু ১৯৬৮ চনৰ পিছত প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্ৰথম গায়েনা ভ্ৰমণ হ’ব।












