ASSAM TIMES POST
ডিফুঃ আগন্তুক গণতন্ত্ৰ দিৱসৰ পূৰ্বে নৱগঠিত কাৰবি আংলং শ্ৰমিক সন্থাই সমগ্ৰ ডিফু চহৰক উজলাই তুলিবলৈ আজি দিনজোৰা চাফাই অভিযানৰ দৰে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে৷
আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ডিফু মিউনিচিপালটি এলেকা তথা ডিফু চহৰৰৰ চুকে- কোণে, ৰাজহুৱা স্থান, স্তুপাকৃত জাঁবৰৰ দম, বজাৰ আদি পৰিষ্কাৰ কৰিবলৈ শ্ৰমিক সকলে হাতে হাতে ঝাড়ু লৈ ডিফু চহৰত নামি পৰিছে চাফাই অভিযানত নৱগঠিত কাৰবি আংলং
শ্ৰমিক সন্থাটোক শীৰ্য় নেতা বিদ্যাছিং ৰংপিয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে, ডিফু চহৰত থকা জাঁবৰৰ দ’মে প্ৰদূষণ সৃষ্টি কৰি অহাৰ সময়ত কাৰবি আংল শ্ৰমিক সংগঠনে ইয়াক প্ৰত্যাহ্বান হিছাপে লৈছে আৰু চহৰখনৰ শ্ৰমিক সংগঠনটিয়ে প্ৰতিটো স্থান জাঁবৰ আৰু প্ৰদূষণ মুক্ত কৰাৰ লগতে আগন্তুক গণতন্ত্ৰ দিৱসটি উলহ- মালহেৰে পালন কৰাৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জনাইছে৷
আনহাতে ৰাজনৈতিক, অৰাজনৈতিক আৰু সামাজিক সংগঠনৰ লগতে সাধাৰণ ৰাইজকো শ্ৰমিক সংগঠনটোৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে নেতা গৰাকীয়ে ৷