
টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াই মোবাইল ফোনত ভুৱা আৰু প্ৰৱঞ্চনামূলক কল আৰু মেছেজ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত টেলিকম কোম্পানীকো (TRAI) নিৰ্দেশ দিছে। ভুৱা আৰু বিত্তীয় জালিয়াতিৰ ফোন নম্বৰ আগতীয়াকৈ চিনাক্ত কৰি গ্ৰাহকক সতৰ্ক কৰি দিব লাগে বুলিও কোৱা হৈছে।

ট্ৰায়ে পুনৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ সময়সীমা বৃদ্ধি কৰে। ট্ৰাইৰ মতে, টেলিকম কোম্পানীসমূহে ১ ডিচেম্বৰৰ ভিতৰত এই নিৰ্দেশনা কাৰ্যকৰী কৰিব লাগিব। অৰ্থাৎ ১ ডিচেম্বৰৰ পৰা আৰ্থিক জালিয়াতিৰ সৈতে জড়িত কোনো ফোন বা মেছেজ পালে গ্ৰাহকে আগতীয়া বাৰ্তা লাভ কৰিব।
প্ৰথম অৱস্থাত ট্ৰায়ে কৈছিল যে ১ অক্টোবৰৰ ভিতৰত টেলিকম কোম্পানীসমূহে গ্ৰাহকক প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ সেৱা প্ৰৱৰ্তন কৰিব লাগে। পিছত সেই সময়সীমা এমাহ বৃদ্ধি কৰি ১ নৱেম্বৰলৈ বৃদ্ধি কৰা হয়। এইবাৰ ১ ডিচেম্বৰলৈ আৰু এমাহ বৃদ্ধি কৰা হৈছে।
ট্ৰাইৰ নিৰ্দেশ অনুসৰি এতিয়া এছএমএছৰ জৰিয়তে গ্ৰাহকলৈ কেৱল ইউআৰএল, অ’টিটি লিংকহে প্ৰেৰণ কৰিব পাৰিব, যিবোৰ সুৰক্ষিত। টেলিকম কোম্পানীসমূহে লিংকসমূহ সুৰক্ষিত হয় নে নহয় সেইটো পৰীক্ষা কৰিব লাগিব। তেতিয়া গ্ৰাহকসকল আৰ্থিক প্ৰৱঞ্চনাৰ বলি নহ’ব।
উল্লেখযোগ্য যে দেশত প্ৰতিদিনে আৰ্থিক প্ৰৱঞ্চনাৰ বলি হৈছে টেলিকম গ্ৰাহক। লাখ লাখ টকা হেৰুৱাইছে। ফোন বা এছএমএছৰ জৰিয়তে প্ৰতাৰণা কৰা হৈছে। এইবাৰ এই জালিয়াতি ৰোধৰ বাবে সক্ৰিয় হৈ পৰিছে ট্ৰাই। টেলিকম কোম্পানীসমূহক এই সন্দৰ্ভত নিৰ্দেশ দিছে।













