গেংষ্টাৰ লৰেন্স বিষ্ণয়ে বলীউডৰ অভিনেতা ছলমান খান (Actor Salman Khan)ক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে ৫ কোটি টকা দাবী (Rs 5 crore claim) কৰে। অৱশেষত আৰক্ষীৰ জালত ধৰা (Caught in the police) পৰিছে অভিযুক্ত ঝাৰখণ্ডৰ যুৱক (Accused is a youth from Jharkhand)।

বিগত কেইমাহমানৰ পৰা ইটোৰ পিছত সিটোকৈ ছলমানলৈ ভাবুকি আহিছে। অভিযোগ অনুসৰি, তেওঁৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবেই শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যা কৰা হয়। তেতিয়াৰ পৰাই ছলমানৰ নিৰাপত্তা অধিক শক্তিশালী হৈ উঠিছে। কিন্তু ১৮ অক্টোবৰত মুম্বাই যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ নামত পুনৰ ভাবুকি আহে। তাত কোৱা হয় যে ছলমান খানে তৎক্ষণাত ৫ কোটি টকা দিব লাগিব। নহ’লে তেওঁৰ ভাগ্য বাবা ছিদ্দিকীতকৈও বেয়া হ’ব। ইয়াৰ পিছতে মুম্বাই আৰক্ষী তৎপৰ হয়। আৰম্ভ হয় তদন্ত। তদন্তৰ সময়তে জামছেদপুৰৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ মতে, তেওঁ বিষ্ণয়ৰ নামত ছলমানক ভাবুকি দিছিল।