ASSAM TIMES POST
নিউজ ডেস্ক
এটা মেগা ৰ’ড শ্ব’ বাহিৰ কৰি মনোনয়ন পত্ৰ দাখিল কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ ইয়াৰ বিপৰিতে নতুন দিল্লী বিধান সভা আসনত কেজৰিৱালৰ বিপক্ষে কাক প্ৰাৰ্থিত্ব দিব তাকে লৈ যোৱা নিশা পৰ্যন্ত নৰেন্দ্ৰ মোডী বা ছোনীয়া গান্ধীৰ দলে নাম ঘোষণা কৰিব পৰা নাই৷
অথচ এদিনৰ পাছত মনোনয়ন পত্ৰ দাখিলৰ দিন অন্ত পৰিব৷ নিজৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আজি কেজৰিৱালে এক সংবাদ মেলত পুনৰ জয়ী হৈ আহিলে কোন দহটা বিষয়ত গুৰুত্ব দিব উল্লেখ কৰে৷ ইতিমধ্যে ২৪ ঘণ্টা বিদ্যুৎ ব্যৱস্থা, কম মূল্যত বিদ্যুৎ যোগান, বিশুদ্ধ পানী, দিল্লীত জন্ম হ’লে স্নাতক পৰ্যন্ত শিক্ষাৰ ব্যয় বহন, বিনামূলীয়া চিকিৎসা, যমুনাৰ পানী পৰিষ্কাৰ কৰা, প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দুই কোটি গছ পুলি ৰোপন, মহিলা নিৰাপত্তা নিশ্চিত কৰিবলৈ ‘মহল্লা মাৰ্শ্বেল’, চিচিটিভি আদি বহু কাম কৰিছে কেজৰিৱালে৷
কেজৰিৱালে স্পষ্টকৈ জনাই যে অহা ৫ বছৰত প্ৰতিটো কামৰ প্ৰতিশ্ৰুতি পৰ্যায় ক্ৰমে পালন কৰা হ’ব৷ আনহাতে ৭-১০ দিনৰ ভিতৰত দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হ’ব৷ উল্লেখ্য যে বিজেপি আৰু কংগ্ৰেছে কেজৰিৱালৰ লগত তুলনা কৰিব পৰাকৈ কাম কৰিব পৰা নাই৷ এই উন্নয়ন হ’ল কেজৰিৱালৰ নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয়৷ ইপিনে, বিজেপিয়ে মেৰুকৰণৰ খেল খেলিছে৷ প্ৰাপ্ত সংবাদ মতে এই পৰ্যন্ত হৰাৰ ভয়ত কেজৰিৱালৰ বিৰুদ্ধে কোনো দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই৷










