তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ (Tirupati Controversy) কৰ্তৃপক্ষৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। প্ৰসাদী লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগত উত্তাল হৈ পৰিছে দক্ষিণ ভাৰতৰ ৰাজ্যখন। তাৰ মাজতে অনিয়মৰ অভিযোগ পোহৰলৈ আহিছে।
ইয়াৰ পূৰ্বে চন্দ্ৰবাবুৰ দল তেলেগু দেশম পাৰ্টিয়ে মন্দিৰ ট্ৰাষ্ট তিৰুমালা দেৱস্থানমৰ সভাপতি ভূমনা কৰুনাকৰ ৰেড্ডীৰ বিৰুদ্ধে থিয় দিছিল। কেৱল তেঁৱে নহয়, ট্ৰাষ্টৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া এ ভি ৰেড্ডীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি, বিগত পাঁচ বছৰত তেওঁলোকে মন্দিৰ সমিতিত বিভিন্ন অনিয়ম সংঘটিত কৰিছে। টিডিপিয়ে এতিয়া তেওঁলোকক জবাবদিহি কৰিছে। যাৰ বাবে অন্ধ্ৰৰ মুখ্যমন্ত্ৰীয়ে এছ আই টি গঠন কৰি অনিয়মৰ তদন্তৰ নিৰ্দেশ দিয়ে।
চন্দ্ৰবাবুৱে পূৰ্বে ৰাজ্যৰ সকলো মন্দিৰতে ‘চাফাই’ অভিযান চলোৱা হ’ব বুলি অৱগত কৰিছিল। অৰ্থাৎ বিভিন্ন মন্দিৰ সমিতিৰ ভিতৰত যদি কিবা অনিয়ম হয় তেন্তে তেওঁ জানিবলৈ আৰু ব্যৱস্থা ল’ব বিচাৰে। এই অনিয়মৰ বাবে চন্দ্ৰবাবুৱে অন্ধ্ৰৰ পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰলৈ আঙুলিয়াই টোঁৱায়। তেওঁ অভিযোগ কৰে, “তিৰুমালাত বহু অপবিত্ৰ কাম কৰা হৈছে।”
চন্দ্ৰবাবুৰ মতে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ চি পিৰ মুৰব্বী জগনমোহন ৰেড্ডীয়ে তিৰুমালা ট্ৰাষ্টৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত নিজৰ পছন্দৰ লোকক নিযুক্তি দিছিল।
উল্লেখযোগ্য যে চন্দ্ৰবাবুৱে যোৱা বুধবাৰে তিৰুপতিৰ প্ৰসাদী লাডুক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰিছিল।
তেওঁৰ অভিযোগ আছিল যে জগনৰ শাসনকালত তিৰুমালাৰ প্ৰসাদী লাডু বনোৱাত ব্যৱহাৰ কৰা ঘিউৰ লগত জন্তুৰ চৰ্বি মিহলি কৰা হৈছিল। গুজৰাটৰ এটা চৰকাৰী পৰীক্ষাগাৰৰ জুলাই মাহৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ দাবী কৰে যে তিৰুপতি বভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাডুত পশুৰ চৰ্বি ঘিৰ সৈতে মিহলি কৰা হৈছে। তাৰ পৰাই আৰম্ভ হয় বিতৰ্ক।
ইয়াৰ পূৰ্বে ৱাই এছ আৰ কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰি চন্দ্ৰবাবুৰ মন্তব্যক ‘ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত’ বুলি অভিহিত কৰে। জগনমোহনে দেওবাৰে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও লিখে। তেওঁ অভিযোগ কৰে যে চন্দ্ৰবাবুৱে তিৰুপতি মন্দিৰৰ স্বাভিমান আৰু পবিত্ৰতা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে।