অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে তিৰুপতী মন্দিৰ প্ৰসাদী লাডু বিতৰ্কক (Tirupati Laddu Controversy) লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুপতি মন্দিৰৰ স্বাভিমান আৰু পবিত্ৰতা ধ্বংস কৰাৰ চেষ্টা কৰিছে।
জগনে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰিছে। ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে তিৰুপতিৰ প্ৰসাদী লাডুক লৈ উত্থাপিত অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। তেওঁ মোডীক এনে ‘ভিত্তিহীন অভিযোগ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে চন্দ্ৰবাবু বৰ্তমান মোডীৰ মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পিছত এন ডি এৰ মিত্ৰতা বিহাৰৰ নীতিশ আৰু অন্ধ্ৰ চন্দ্ৰবাবুৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। এনে পৰিস্থিতিত ‘ইণ্ডিয়া’ শিবিৰৰ জগনে চন্দ্ৰবাবুৰ বিৰুদ্ধে অভিযোগ কৰি মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।
পত্ৰখনত ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বীজনে লিখিছে, “চন্দ্ৰবাবুৱে সকলো সময়তে মিছা কথা কয়। মিছা কোৱা তেওঁৰ অভ্যাস। এতিয়া তেওঁ ইমানেই তললৈ নামিছে যে তেওঁৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে কোটি কোটি মানুহৰ আৱেগক আঘাত দিছে। চন্দ্ৰবাবুৱে ইমান নিৰ্লজ্জভাৱে মিছা প্ৰচাৰ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সত্য প্ৰকাশ্যে আনিব লাগে।” মোডীলৈ লিখা পত্ৰত তেওঁ আৰু অভিযোগ কৰে যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুমালা তিৰুপতি দেৱস্থানৰ স্বাভিমান আৰু পবিত্ৰতা ‘ধ্বংস কৰিবলৈ চেষ্টা’ কৰিছে।
উল্লেখযোগ্য যে চন্দ্ৰবাবুৱে যোৱা বুধবাৰে তিৰুপতী প্ৰসাদী লাডুক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰিছিল। তেওঁৰ অভিযোগ আছিল যে জগনৰ শাসনকালত তিৰুমালাৰ প্ৰসাদী লাডু বনোৱাত ব্যৱহাৰ কৰা ঘিউৰ লগত জন্তুৰ চৰ্বি মিহলি কৰা হৈছিল।
গুজৰাটৰ এটা চৰকাৰী পৰীক্ষাগাৰৰ জুলাই মাহৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ দাবী কৰে যে তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাডুত পশুৰ চৰ্বি ‘বিশুদ্ধ’ ঘিৰ সৈতে মিহলি কৰা হৈছে। তাৰ পৰাই আৰম্ভ হয় বিতৰ্ক। ইয়াৰ পূৰ্বে ৱাই এছ আৰ কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰি চন্দ্ৰবাবুৰ মন্তব্যক ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ বুলি অভিহিত কৰে।