
বন্ধ ফ্লেটৰ পৰা প্ৰথমতে ওলাল দুৰ্গন্ধ! ইয়াৰ বাবে বাংগালুৰুৰ (Bengaluru murder case) ঘৰটোৰ গৰাকীয়ে ফোন কৰে। তাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। এয়া কথা সংবাদ মাধ্যমক মহালক্ষ্মীৰ মাতৃয়ে জনায়।

উল্লেখযোগ্য যে শনিবাৰে বাংগালুৰুৰ এটা ফ্লেটৰ ফ্ৰীজাৰত টুকুৰা টুকুৰ কৰা এটা মৃতদেহ উদ্ধাৰ গৈছিল। ২৯ বছৰীয়া মহালক্ষ্মী নামৰ যুৱতীগৰাকীৰ মৃতদেহ প্ৰায় ৩০ টুকুৰাকৈ কটা হৈছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই ঘটনাত কোনো গ্ৰেপ্তাৰ কৰা নাই।
মহালক্ষ্মীৰ মাতৃয়ে সংবাদ মাধ্যমক কয়, “তেওঁৰ ঘৰৰ মালিকে যোৱা নিশা আমাক ফোন কৰিছিল। তেওঁ কৈছিল যে ঘৰৰ পৰা এটা দুৰ্গন্ধ আহি আছে। মোৰ ছোৱালীৰ শৰীৰটো কাটি ফ্ৰীজাৰত ৰখা হৈছিল।’’
মহালক্ষ্মী বাংগালুৰুৰ ভায়ালিকাভাল অঞ্চলৰ এটা কোঠাৰ ফ্লেটত বাস কৰিছিল। তেওঁ বিবাহিত আছিল যদিও স্বামীৰ সৈতে নাথাকে। তেওঁ ফ্লেটটোত অকলে বাস কৰিছিল। পিটিআইৰ মতে, ঘটনাটোৰ বিষয়ে শুনি তেওঁৰ স্বামী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সন্দেহ কৰিছে যে মৃতদেহটো উদ্ধাৰৰ দু-তিনি দিন পূৰ্বে মহালক্ষ্মীক হত্যা কৰা হৈছিল। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন আহিলে মৃত্যুৰ কাৰণ জানিব পাৰিব।
বহুতে এই ঘটনাটোত দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ ছাঁ দেখিছে। ২০২২ চনৰ ১৮ মে’ত শ্ৰদ্ধা ৱাকাৰক তেওঁৰ সহবাস সঙ্গী আফতাব পুনাৱালাই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁ তেওঁৰ শৰীৰটো ৩৫ টুকুৰাত কাটি পেলাইছিল। তেওঁ শৰীৰৰ অংশবোৰ প্ৰায় তিনি সপ্তাহৰ বাবে তেওঁৰ ঘৰৰ ফ্ৰীজাৰত ৰাখিছিল। তাৰ পিছত ইয়াক চহৰৰ বিভিন্ন ঠাইত পেলাই দিছিল।












