
নৰেন্দ্ৰ মোডী চৰকাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী প’ৰ্টব্লেয়াৰক (Port Blair) ‘শ্ৰী বিজয়পুৰম’ নামেৰে নামকৰণ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছ’চিয়েল মিডিয়াত লিখিছে, “দেশৰ পৰা ঔপনিৱেশিকতাৰ নাম নোহোৱা কৰিবৰ বাবে নৰেন্দ্ৰ মোডীৰ সপোন বাস্তৱায়িত কৰিবলৈ আজি আমি প’ৰ্টব্লেয়াৰৰ নাম সলনি কৰি ‘শ্ৰী বিজয়পুৰম’ কৰাৰ সিদ্ধান্ত লৈছো।

পূৰ্বৰ নামটোৱে ঔপনিৱেশিকতাৰ চিন বহন কৰি আছিল। আনহাতে, ‘শ্ৰী বিজয়পুৰম’ নামটোৱে আমাৰ স্বাধীনতা সংগ্ৰামৰ ফলত লাভ কৰা বিজয় আৰু এই সংগ্ৰামত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অনন্য ভূমিকাক সোঁৱৰাই দিব।”
তেওঁ লগতে কয়, “আমাৰ স্বাধীনতা সংগ্ৰাম আৰু ইতিহাসত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এক অনন্য স্থান আছে। এই দ্বীপ অঞ্চলটোৱে এসময়ত চোলা সাম্ৰাজ্যৰ নৌসেনাৰ ঘাটি হিচাপে কাম কৰিছিল। আজিও এই ক্ষেত্ৰখন আমাৰ কৌশলগত আৰু উন্নয়নমূলক আকাংক্ষা পূৰণৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি হৈয়েই আছে।”
আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে অমিত শ্বাহৰ এক্স পোষ্টত পুনৰ পোষ্ট কৰি লিখিছে, ‘‘শ্ৰী বিজয়পুৰম’ নামটোৱে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ বীৰ বাসিন্দাসকলৰ চহকী ইতিহাসক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াৰ উপৰি এই নতুন নামটো আমি ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰি আমাৰ ঐতিহ্যক আঁকোৱালি লোৱাৰ প্ৰচেষ্টাৰ প্ৰতিফলন।”
প’ৰ্টব্লেয়াৰৰ নাম সলনি কৰাৰ প্ৰেক্ষাপটত অমিত শ্বাহে সুভাষ চন্দ্ৰ বসুৰ বিষয়টোও উল্লেখ কৰি কয়, “নেতাজী সুভাষ চন্দ্ৰ বসুজীয়ে ইয়াত প্ৰথমবাৰৰ বাবে আমাৰ ত্ৰিৰংগ উত্তোলন কৰিছিল। দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বীৰ সাৱৰকাৰজী আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলক ইয়াৰ চেলুলাৰ জে’লত বন্দী কৰা হৈছিল।”













