
পৰিশোধ নকৰা ঋণৰ গোচৰৰ অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ (Nirav Modi) ২৯ কোটি ৭৫ লাখ টকাৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰিছে বলৱৎকাৰী সঞ্চালকালয় চনুকৈ ইডিয়ে ।কেন্দ্ৰীয় সংস্থাটোৰ মুম্বাই আঞ্চলিক কাৰ্যালয়ৰ তথ্য অনুসৰি, এই বিপুল পৰিমাণৰ সম্পত্তি বেআইনী বিত্তীয় লেনদেন প্ৰতিৰোধ আইন, ২০২২ (পিএমএলএ)ৰ অধীনত জব্দ কৰা হয়।

ইডিৰ অভিযোগ অনুসৰি, নীৰৱে পঞ্জাব নেচনেল বেংকত ৭ হাজাৰ কোটি টকাৰ প্ৰতাৰণা কৰিছে। এই পৰ্যন্ত ইডিয়ে জব্দ কৰিছে নীৰৱৰ ৪০০০ কোটিতকৈ অধিক টকাৰ সম্পত্তি।
আদালতৰ নিৰ্দেশ অনুসৰি কিছু সম্পত্তি নিলাম কৰি প্ৰায় ৭১ কোটি টকা পিএনবিলৈ ঘূৰাই দিয়া হৈছে। বাকীবোৰ নিলামৰ বাবে শুনানি চলি আছে। অৱশ্যে আইনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে নীৰৱ শিবিৰে। উল্লেখ্য যে ২০১৮ চনত পঞ্জাব নেচনেল বেংকৰ পৰা ঋণ প্ৰতাৰণাৰ গোচৰত নীৰৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হোৱাৰ পিছতে তেওঁ পলায়ন কৰে।
ইডিয়ে তেওঁক ‘পলাতক’ ঘোষণা কৰে। ২০১৯ চনত ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা হৈছিল নীৰৱ মোডীক। তেতিয়াৰে পৰাই তেওঁ লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে। ভাৰতৰ তৰফৰ পৰা তেওঁক প্ৰত্যাৰ্পণৰ প্ৰচেষ্টা চলোৱাৰ পিছতো প্ৰতাৰক গুজৰাটী ব্যৱসায়ীজনে দেশলৈ উভতি আহিবলৈ অস্বীকাৰ কৰে।










