ASSAM TIMES POST
ডিফুঃ ৩১ সংসংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২০ৰ অংশ স্বৰূপে আজি তৃতীয়া দিনৰ কাৰ্যসূচী অনুসৰি জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ডিফু ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ সভাখনক পৰিচালনী কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ৷ সভাত উপস্থিত থাকে জিলা উপায়ুক্ত মুকুল শইকীয়া, নৱনিযুক্ত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰী, কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ,অভিযন্তা, ক্ৰ’ ৷
সভাত নৱনিযুক্ত আৰক্ষী অধীক্ষকে পথ সুৰক্ষা সন্দৰ্ভত বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ সমান্তৰালকৈ মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া ব্যস্ততম ৰাজপথত অধিক হাৰত দূৰ্ঘটনা ৰোধ কৰিবলৈ চালক সকলক পথ সুৰক্ষাৰ পঞ্চ নীতি ক্ৰমে, দ্ৰুত গতি ৰোধ কৰা, হেলমেট পৰিধান কৰা, নিছাগ্ৰস্থ হৈ গাড়ী নচলোৱা, গাড়ী চলোৱা সময়ত মোবাইল ফোনৰ ব্যৱহাৰ নকৰা আদি পথ সুৰক্ষাৰ পঞ্চ নীতিৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷
ইয়াৰো পৰি আজিৰ ৰাজহুৱা সভাত ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহকলৈ অনুষ্ঠিত হোৱা হাফ মাৰাথান আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় ৷ নতুন যান বাহন আইন খন চলিত বৰ্ষৰে পৰা জিলাখনত সুপ্ৰযোজ্য কৰাৰ বাবে জিলা পৰিবহন বিভাগ বদ্ধ পৰিকৰ হোৱাৰ লগতে ডিফু চহৰৰ অস্বাভাৱিক যান- জঁট প্ৰতিৰোধ কৰিবলৈ জিলা উপায়ুক্তৰ সৈতে পৰিবহন বিভাগৰ আলোচনা চলি থকাৰ লগতে এই সন্দৰ্ভত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে সাংবাদিকক জানিবলৈ দিছে ৷