ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙত ক্ৰীড়া সংস্কৃতি আৰু স্বাস্থ্যই পৰম ধনক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়াসেৰে কাৰবি আংলং ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়াম চৌহদত আজি উদ্বোধন হয় এক অত্যাধুনিক পৰ্যায়ৰ শাৰীৰিক ব্যায়াম কেন্দ্ৰ৷
কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তুলিৰাম ৰংহাঙে। সাংসদ হৰেণছিং বে,’ কাছাৰ সাধাৰণ সম্পাদক আৰু পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য ও সদস্যক লগতলৈ কাছা ইনড’ৰ ষ্টেডিয়ামৰ দ্বিতীয় মহলাত শাৰিৰীক ব্যায়াম কেন্দ্ৰটো আনুষ্ঠানিক ভাবে শুদ্ধোধন কৰাৰ লগতে ক্ৰীড়াপ্ৰেমী সকলৰ বাবে মুকলি কৰি দিয়ে৷
ইচ্ছুক শিক্ষাৰ্থী সকলে শাৰিৰীক ব্যায়াম কেন্দ্ৰটোত নাম ভৰ্তিৰ বাবে শিক্ষাৰ্থী সকলে ৩০০০হাজাৰ টকা ভৰ্তি মাছুল আৰু মাহিলী ৫০০টকা লগতে সপ্তাহত ৪ দিনকৈ শিকা শিক্ষাৰ্থীৰ বাবে মাহিলী ৩০০টকাকৈ মাহিলী মাছুল পৰিশোধ কৰিব লাগিব বুলি কাছা কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷