আন্তৰ্জাতিক মুদ্ৰা নিধি (International Monetary Fund)ৰ (আই এম এফ) মতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ (India’s economic growth rate) আশা কৰাতকৈ অধিক (More than expected)। সংস্থাটোৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে (Gita Gopinath) শুকুৰবাৰে কয়, “২০২৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম হ’ব।” ‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত আই এম এফৰ প্ৰথমগৰাকী মহিলা মুখ্য অৰ্থনীতিবিদে দাবী কৰে যে তিনি বছৰৰ ভিতৰত ভাৰত আমেৰিকা আৰু চীনৰ পিছত থাকিব।
শুকুৰবাৰে গীতাই কয়, “ভাৰতৰ অৰ্থনৈতিক বিকাশ বিগত বিত্তীয় বৰ্ষত আশা কৰাতকৈ বহু ভাল হৈছে। সেই প্ৰভাৱসমূহে এই বিত্তীয় বৰ্ষৰ বাবে আমাৰ পূৰ্বাভাসত প্ৰভাৱ পেলাইছে। আনটো কাৰণ হ’ল, আমি বিভিন্ন তথ্য বিশ্লেষণ কৰাৰ লগে লগে ভাৰতীয়ৰ ব্যক্তিগত ব্যৱহাৰৰ হাৰ (উপভোক্তা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত) পুনৰ বৃদ্ধি পাইছে। যাৰ বাবে ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব।”
উল্লেখ্য যে ২০২৩ চনত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল, ‘২০২৭ চনৰ ভিতৰত ভাৰত জাপান আৰু জাৰ্মানীৰ পিছত তৃতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হ’ব। আমাৰ লক্ষ্য হৈছে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকীৰ পূৰ্বে ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱা।” আনহাতে, যোৱা জুলাই মাহত আই এম এফে প্ৰকাশ কৰা বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ প্ৰতিবেদনত ভাৰতৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধিৰ হাৰ ২০২৪-২৫ চনত ৭ শতাংশ হ’ব বুলি দাবী কৰে।