
আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস (Independence Day)। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লালকিল্লাত ত্ৰিৰংগ পতাকা উত্তোলন কৰে। লগতে তেওঁ তাৰ পৰা দেশবাসীক সম্বোধন কৰে।

উল্লেখযোগ্য যে এইবাৰৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে এক ইতিহাস ৰচনা কৰে। তেওঁ একেৰাহে ১১ বাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰা দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
ইয়াৰ পূৰ্বে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰহে এই সৌভাগ্য ঘটিছিল। ২০২৪ চনত কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পিছত এইটো তেওঁৰ প্ৰথম স্বাধীনতা দিৱসৰ ভাষণ। আনহাতে, দেশৰ আন ৰাজ্যতো স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।
অসমত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জাতীয় পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে। লগতে তেওঁ ৰাজ্যবাসীক সম্বোধন কৰে।













