
ধাৰাসাৰ বৰষুণৰ বাবে হিমাচল প্ৰদেশক (Himachal Pradesh) ভূমিস্খলন আৰু বানে বিপৰ্য্যস্ত কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি, ভূমিস্খলনৰ বাবে ১৯৭টা পথ বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি দুটা ৰাষ্ট্ৰীয় ঘাইপথো ক্ষতিগ্ৰস্ত হৈছে।

বৰষুণৰ ফলত উনা জিলাৰ কেইবাটাও স্থান প্লাৱিত হৈছে। ইয়াৰ উপৰি চাম্বা, মাণ্ডী, কিন্নৌৰ, চিমলা, ছিৰমৌৰ আৰু সোলান জিলাত ভূমিস্খলন আৰু বানে জনজীৱন ব্যাহত কৰিছে। ইয়াৰ মাজতে মঙলবাৰে উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে বানাক্ৰান্ত হাৰোলী অঞ্চল পৰিদৰ্শন কৰে। খবৰ অনুসৰি, তেওঁৰ সমষ্টিত তিনিগৰাকী ছোৱালী পানীত ডুব যায়। ইয়াৰ বাহিৰেও উদ্যোগিক এলেকাত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
হঠাৎ হুম খুৰ খালৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই আৱাসিক এলেকাত পানী প্ৰৱেশ কৰিছে। বৰ্তমান বাসিন্দাসকলক তাৰ পৰা আঁতৰ কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে কেইবাঠাইতো বিদ্যুৎ যোগান কৰ্তন কৰা হৈছে।
অৱশ্যে পৰিস্থিতি ক্ষিপ্ৰতাৰে স্বাভাৱিক কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও কয় উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰশাসনৰ তথ্য অনুসৰি, যোৱা ২৭ জুনৰ পৰা ১২ আগষ্টলৈকে ৰাজ্যত বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত ১১০ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰি ১০০০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, চিমলাত ৬৬টা পথ বন্ধ হৈ আছে। ছিৰমৌৰত ৫৮টা, মণ্ডিত ৩৩টা, কুল্লুত ২৬টা, কিন্নৌৰত ৫টা আৰু লাহুল আৰু স্পিতিত ৫টা, কাংগ্ৰাত ৪টা বন্ধ। ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে কয় যে শনিবাৰলৈকে কেইবাখনো জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত আৰু অধিক ভূমিস্খলন আৰু বানৰ আশংকা কৰা হৈছে।













