
বিজেপিৰ লোকসভাৰ সাংসদ জগদাম্বিকা পালক ৱাকফ সংশোধনী বিধেয়কৰ (Waqf amendment bill) বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পিটিআইৰ সূত্ৰত এই কথা প্ৰকাশ।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদাম্বিকাই ৰাজ্যখনৰ দুমৰীয়াগঞ্জ লোকসভা সমষ্টিৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে জয়লাভ কৰিছে। ইয়াৰে ভিতৰত ২০০৯ চনত কংগ্ৰেছ আৰু পৰৱৰ্তী তিনিটা নিৰ্বাচনত বিজেপিৰ টিকটত জয়লাভ কৰিছে।
উল্লেখযোগ্য যে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিৰোধীৰ তীব্ৰ আপত্তি আৰু হুলস্থুলৰ মাজতে ৮ আগষ্টত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰে। আনহাতে, বিৰোধীয়ে এই বিধেয়কখন অসাংবিধানিক আৰু মুছলমানৰ ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰা বুলি আপত্তি কৰে। দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত নৰেন্দ্ৰ মোডী চৰকাৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ (জেপিচি) সহমতৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।
বৰ্তমান সময়ত সংখ্যালঘু মন্ত্ৰালয়ৰ কোনো সংসদীয় স্থায়ী সমিতি বা নিৰ্বাচিত সমিতি গঠন হোৱা নাই। গতিকে বিতৰ্কৰ পৰা হাত সাৰিবলৈ চৰকাৰে বিধেয়কখন পোনপটীয়াকৈ জেপিচিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। কিন্তু যিহেতু নতুন চৰকাৰৰ জেপিচি এতিয়াও গঠন হোৱা নাই, সেয়েহে অধ্যক্ষ ওম বিৰলাই কয় যে তেওঁ ৩১ জনীয়া (২১ জন লোকসভা আৰু ১০ জন ৰাজ্যসভাৰ সাংসদ) জে পি চি গঠন কৰিব বুলি সকলো দলৰ নেতাৰ সৈতে কথা পাতিছে।
ইফালে নৰেন্দ্ৰ মোডী চৰকাৰে যিধৰণে বিধেয়কখন জেপিচিলৈ প্ৰেৰণ কৰিছিল সেয়া তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বহু ৰাজনীতিবিদৰ মতে সাধাৰণতে কোনো বিধেয়কক লৈ উত্তপ্ত বিতৰ্ক হ’লে চৰকাৰে বিধেয়কখন সংশ্লিষ্ট মন্ত্ৰালয়ৰ নিৰ্বাচিত সমিতি বা সংসদীয় স্থায়ী সমিতিলৈ আলোচনাৰ বাবে প্ৰেৰণ কৰে।
পৰিসংখ্যাই দেখুৱাইছে যে বিগত ১০ বছৰত মোডী চৰকাৰে কেৱল বিতৰ্কিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (২০১৬) আৰু তথ্য সুৰক্ষা আইন (২০১৯) বিধেয়ক জেপিচিলৈ প্ৰেৰণ কৰিছিল। বিৰোধীয়ে দাবী কৰা জেপিচিলৈ ৱাকফ বিধেয়কখন প্ৰেৰণ কৰাটোৱেই এই চৰকাৰখন কিমান দুৰ্বল সেইটো দেখুৱাইছে। অন্তত এই মুহূৰ্তত মোডী চৰকাৰে বিৰোধীৰ সৈতে কোনো ধৰণৰ সংঘাতৰ পথত আগবাঢ়িব নিবিচাৰে।
সংশোধিত ৱাকফ বিধেয়কৰ খচৰাত ৱাকফ ব’ৰ্ডত দুগৰাকী মহিলাৰ লগতে দুগৰাকী অনা মুছলমান সদস্যৰ উপস্থিতিৰ কথা উল্লেখ কৰা হৈছে। বিৰোধীয়ে প্ৰশ্ন কৰে যে যেতিয়া বিভিন্ন ধৰ্মৰ লোকক অন্য ধৰ্মৰ শাসকীয় সংস্থাত স্থান দিয়া নহয় তেতিয়া অনা মুছলমানক ৱাকফ ব’ৰ্ডত স্থান দিয়াৰ কি প্ৰয়োজন?
নতুন খচৰা বিধেয়ক অনুসৰি, যিসকল মুছলমান আৰু বিগত পাঁচ বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰি আহিছে তেওঁলোকেহে সম্পত্তি দান কৰিব পাৰিব।
এই দফাটোৱে ধৰ্মীয় স্বাধীনতাত বাধাৰ সৃষ্টি কৰা বুলি দাবী কৰি হায়দৰাবাদৰ এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে কয়, “যদি কোনোবাই নতুনকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে তেন্তে তেওঁ অনুদানৰ বাবে পাঁচ বছৰ অপেক্ষা কৰিব লাগিব। এইটোৱে ধৰ্মত হাত দিয়া নহয়নে?” ফলত জিলা দণ্ডাধীশ ৱাকফ ব’ৰ্ডৰ অধ্যক্ষতকৈ অধিক শক্তিশালী হ’ব। ৱাকফ ব’ৰ্ডৰ সকলো গুৰুত্ব হেৰুৱাব।













