
উত্তৰ প্ৰদেশৰ (Uttar pradesh) চাহাৰনপুৰৰ পৰা বাইকেৰে ১০০ কিলোমিটাৰ অতিক্ৰম কৰি হৰিদ্বাৰত উপস্থিত হয় এহাল ব্যৱসায়ী দম্পতী। তাত উপস্থিত হোৱাৰ লগে লগে গংগা ঘাটত থিয় হৈ দুয়োজনে একেলগে চেলফি তোলে।

তাৰ পিছত লিখিলে ছুইচাইড নোট। সেই নোট গংগাৰ ঘাটত এৰি দুয়ো পানীত জঁপিয়াই পৰে। ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ পত্নী উদ্ধাৰ হোৱা নাই।
এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দম্পতীহালক দীৰ্ঘদিন ধৰি গংগা ঘাটত ঘূৰি ফুৰা দেখা গৈছিল। দৈনিক বহু লোক গংগা ঘাটলৈ আহে আৰু সময় কটাই গুচি যায়।
দম্পতীহালৰ আচৰণৰ পৰা বুজিব পৰা নাছিল যে তেওঁলোকে চৰম পদক্ষেপ ল’বলৈ ওলাইছে। কিছু সময় তেওঁলোকে গংগাৰ ঘাটত কটোৱাৰ পাছত দুয়োৱে ফটো উঠে। তাৰ পিছত কাৰোবাৰ লগত ফোনত কথা পাতে। ইয়াৰ পিছতে দুয়োৱে হঠাতে একেলগে পানীত জাঁপ মাৰে। স্থানীয় লোকে দম্পতীহাল নদীত জঁপিওৱা দেখি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এখন ছুইচাইড নোট উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা ছুইচাইড নোটত দম্পতীহালে আত্মহত্যাৰ কাৰণ হিচাপে কোটি কোটি টকাৰ ঋণৰ কথা উল্লেখ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, নিহত ব্যৱসায়ীজনৰ নাম সৌৰভ বব্বৰ আৰু তেওঁৰ পত্নীৰ নাম মোনা বব্বৰ। ছুইচাইড নোটত ব্যৱসায়ীজনে দাবী কৰিছে যে তেওঁ সুত পৰিশোধ কৰিব নোৱাৰি হতাশ হৈ পৰিছে। সেই টকা তেওঁ আৰু দিব নোৱাৰে। গতিকে আত্মহত্যাৰ সিদ্ধান্ত লয়। ছুইচাইড নোটত সৌৰভে আত্মহত্যাৰ পূৰ্বে ছেলফিৰ ফটোখন পঠিয়াই দিয়াৰ কথাও উল্লেখ কৰে।













