
কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদবিৰোধী অভিযানত বৃহৎ সফলতা নিৰাপত্তা বাহিনীৰ। জম্মু-কাশ্মীৰত (Jammu-Kashmir) আৰক্ষীৰ গুলীত নিহত তিনি সন্ত্ৰাসবাদী। ইয়াৰ উপৰি এটা বৃহৎ সন্ত্ৰাসবাদী মডিউলৰো অৱস্থান ধৰা পেলায়।

শেহতীয়াকৈ উপত্যকাটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আঁৰত এই মডিউলটোৱেই জড়িত আছে বুলি আৰক্ষীয়ে দাবী কৰে। চোৰাংচোৱা সূত্ৰ অনুসৰি, উপত্যকাটোৰ ডোডা, উধমপুৰ আৰু কাঠুৱা অঞ্চলত শেহতীয়াকৈ এল অ’ চিৰ ওপৰেৰে সন্ত্ৰাবাদীৰ অনুপ্ৰৱেশ বৃদ্ধি পাইছে। নিৰ্বাচনমুখী উপত্যকাটোত ৰক্তপাতৰ পৰা হাত সাৰিবলৈ নিৰাপত্তা বাহিনী সক্ৰিয় হৈছে ।
আনহাতে, ৩৭০ অনুচ্ছেদ বাতিলৰ পিচত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবঢ়া জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । এনে পৰিস্থিতিত উপত্যকাটোত সন্ত্ৰাসবাদী মডিউলৰ সৈতে ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাটো নিশ্চিতভাৱে এক ডাঙৰ সফলতা।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, এই মডিউলৰ সদস্যসকলে ‘বিশেষ অপাৰেচন’ৰ অধীনত ছাম্বা-কাঠুৱা খণ্ডত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা সন্ত্ৰাসবাদীক সহায় কৰি আছে। আৰক্ষীৰ গুলীচালনাত প্ৰাণ হেৰুওৱা সন্ত্ৰাসবাদী তিনিজনো এই মডিউলৰ সদস্যসকলৰ নিয়ন্ত্ৰণত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।













