
ফোন আৰু ৱাটছএপ হেক কৰি ধনদাবী কৰাৰ অভিযোগ এন চি পিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰৰ কন্যা তথা মহাৰাষ্ট্ৰৰ বাৰামাটিৰ সাংসদ সুপ্ৰিয়া চুলেৰ (Supriya Sule)। সোমবাৰে তেওঁ এই অভিযোগ উত্থাপন কৰে।

সোমবাৰে সুপ্ৰিয়াই কয়, “হেকাৰে মোৰ ৱাটছএপ একাউণ্ট হেক কৰি মোক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিছিল। মোৰ পৰা ৪০০ ডলাৰ (প্ৰায় ৩৩ হাজাৰ টকা) বিচৰা হৈছিল।” এন চি পিৰ সাধাৰণ সম্পাদক অদিতি নালাৱাদৰ ৱাটছএপটোও হেক কৰা বুলি দাবী কৰে সুপ্ৰিয়াই। হেকাৰে অদিতিৰ পৰা ১০ হাজাৰ টকা দাবী কৰে।
উল্লেখযোগ্য যে সুপ্ৰিয়াই দেওবাৰে ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছিল যে তেওঁৰ ফোন আৰু ৱাটছএপ হেক কৰা হৈছে। তাৰ লগতে তেওঁ এটা মেছেজ দিয়ে যে কোনেও তেওঁক কোনো গুৰুত্বপূৰ্ণ মেছেজ বা ফোন কল যেন নকৰে। শৰদ-কন্যাই লগতে কয় যে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰি তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। সোমবাৰে সুপ্ৰিয়াই কয় যে তেওঁক আৰু অদিতিক হেকাৰে পেমেণ্টৰ বাবে বেংক একাউণ্ট নম্বৰো দিছে।













