ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO India) থলুৱাভাৱে নিৰ্মিত ৫,০০০ কিলোমিটাৰ দূৰত্বৰ এণ্টি বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষা সম্পন্ন কৰে। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে এই কথা প্ৰকাশ কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ওড়িশাৰ চণ্ডীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আই টি আৰ) পৰা এই নতুন ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলক সফল ইয়াৰ পৰীক্ষাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি, এই নতুন বেলিষ্টিক মিছাইল শত্ৰুৰ মিছাইল আক্ৰমণ ৰোধ কৰাত ফলপ্ৰসূ হ’ব।
ইতিমধ্যে ভাৰতীয় সেনাৰ নতুন ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডৰ তত্ত্বাৱধানত এই ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰিক কৌশল আৰু টাৰ্গেটিং ক্ষমতাৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন কৰা হৈছে। বুধবাৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হয়। অৱশ্যে ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি, এই নতুন ক্ষেপণাস্ত্ৰ ‘অগ্নি’ ছিৰিজৰ বেলিষ্টিক মিছাইল নহয়।