এইবাৰৰ কেন্দ্ৰীয় বাজেট (Union Budget)ত পুৰণি কৰ ব্যৱস্থাৰ আয়কৰৰ কোনো সালসলনি কৰা হোৱা নাই। অৱশ্যে কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মল সীতাৰমণে নতুন কৰ ব্যৱস্থাত আয়কৰৰ কেইবাটাও সালসলনিৰ (Several changes in income tax) কথা ঘোষণা কৰিছে৷
দ্বিতীয় নৰেন্দ্ৰ মোডীৰ চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ভোট অন একাউণ্ট’ বা অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। দ্বিতীয়খন মোডী চৰকাৰে সেই অন্তৱৰ্তীকালীন বাজেটত আয়কৰৰ গাঁথনিৰ কোনো সালসলনি ঘোষণা কৰা নাছিল। কিন্তু তৃতীয়বাৰৰ বাবে মোডী চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে বাজেটত আয়কৰৰ কোনো পৰিৱৰ্তন হ’ব নেকি সেই সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছিল।
মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰে বাজেট। তেওঁ আয়কৰত কেইবাটাও ৰেহাই ঘোষণা কৰিছে। পুৰণি কৰ ব্যৱস্থাই আয়কৰৰ কোনো পৰিৱৰ্তন ঘোষণা নকৰাৰ বিপৰীতে নতুন কৰ ব্যৱস্থাই কেইবাটাও পৰিৱৰ্তন আনিছে। নতুন ব্যৱস্থাত মানক কৰ্তন ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰলৈ বৃদ্ধি কৰা হৈছে। নতুন কৰ ব্যৱস্থাৰ অধীনত কৰদাতাই ১৭,৫০০ টকা পৰ্যন্ত সঞ্চয় কৰিব পাৰিব।

আয়কৰ ৰেহাইৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণা—
• বাৰ্ষিক ০ৰ পৰা ৩ লাখ টকাৰ ভিতৰত আয় কৰিলে কোনো ধৰণৰ কৰ দিব নালাগিব।
• ৩ লাখৰ পৰা ৭ লাখ টকাৰ ভিতৰত বাৰ্ষিক আয়ৰ ওপৰত ৫ শতাংশ কৰ আৰোপ কৰা হ’ব।
• যদি বাৰ্ষিক আয় ৭ লাখৰ পৰা ১০ লাখ টকাৰ ভিতৰত হয় তেন্তে কৰ ১০% হ’ব।
• যদি বাৰ্ষিক আয় ১০ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয় তেন্তে ১৫ শতাংশ হাৰত কৰ পৰিশোধ কৰা হ’ব।
• ১২ লাখ টকাৰ পৰা ১৫ লাখ টকালৈ ২০% কৰ পৰিশোধ কৰিব লাগিব।
• যদি বাৰ্ষিক আয় ১৫ লাখ টকাৰ অধিক হয় তেন্তে ৩০% হাৰত কৰ পৰিশোধ কৰা হ’ব।