সংসদৰ বৰ্ষাকালীন অধিবেশনত মঙলবাৰে পুৱা ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Union Budget 2024-25) দাখিল কৰে। তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতালৈ অহাৰ পিছত এইখন হৈছে প্ৰথম পূৰ্ণাংগ বাজেট (Full Budget)। এই বাজেটখনকো ‘বিকশিত ভাৰত ২০৪৭’ দৃষ্টিভংগীৰে উপস্থাপন কৰা হৈছে।
বিশেষজ্ঞসকলৰ মতে এইবাৰৰ বাজেটত কিছু পৰিমাণে কৰ সকাহ, কৰ্মসংস্থাপন সৃষ্টি, আন্তঃগাঁথনি বৃদ্ধি আৰু কৃষি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বাজেটত সীতাৰমণে সোণ আৰু ৰূপৰ ওপৰত শুল্ক ৬ শতাংশলৈ আৰু প্লেটিনামৰ ওপৰত ৬.৫ শতাংশলৈ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰিছে।
স্মাৰ্টফোনৰ মূল্য হ্ৰাস কৰাৰ কথাও ঘোষণা কৰে। কেন্দ্ৰীয় বাজেটত মোবাইল ফোন আৰু চাৰ্জাৰৰ শুল্ক ১৫ শতাংশলৈ হ্ৰাস কৰা হয়।
বিত্তমন্ত্ৰীয়ে লগতে কয় যে ভাৰতৰ বিত্তীয় ঘাটি ২৫ বিত্তীয় বৰ্ষত ৪.৯ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে, যিটো ২০২৪ বিত্তীয় বৰ্ষত জিডিপিৰ ৫.৬ শতাংশ আছিল।
সীতাৰমনে বানপীড়িত ৰাজ্যসমূহৰ বাবে আৰ্থিক সাহায্যও উল্লেখ কৰিছে। বিহাৰ, হিমাচল প্ৰদেশ, অসম, উত্তৰাখণ্ড, ছিকিমকে ধৰি বানপানীৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হোৱা ৰাজ্যসমূহে বান ব্যৱস্থাপনা, পথ মেৰামতি, জলসিঞ্চন উন্নয়নৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব।
নিৰ্মলা সীতাৰমণে লগতে কয়, “জি এছ টিয়ে সাধাৰণ মানুহৰ বাবে কৰ পৰিশোধ বহু পৰিমাণে হ্ৰাস কৰিছে আৰু উদ্যোগৰ বাবে কম্প্লাইয়েন্স সহজ কৰি তুলিছে। ই বিপুল অনুপাতৰ সফলতা লাভ কৰিছে। জি এছ টিৰ সুবিধা আৰু অধিক বৃদ্ধিৰ বাবে কৰ গাঁথনি যুক্তিসংগত কৰাৰ চেষ্টাৰ কথা উল্লেখ কৰে।
ঘৰৰ চালৰ সৌৰ পেনেল আঁচনিৰ অধীনত ১ কোটি পৰিয়ালৰ বাবে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ কথাও কেন্দ্ৰই ঘোষণা কৰিছে। সীতাৰমণে কয়, “প্ৰতিমাহে ১ কোটি পৰিয়ালে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পৰাকৈ ঘৰৰ চালত সৌৰ পেনেল স্থাপনৰ বাবে ‘পি এম সূৰ্যঘৰ মুফট বিজলী যোজনা’ আৰম্ভ কৰা হৈছে। এই আঁচনিখনে ইয়াক আৰু অধিক উৎসাহিত কৰিব।”

গয়া আৰু মহাবোধী মন্দিৰৰ বাবে কৰিড’ৰ আৰু নালন্দাক পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কথাও ঘোষণা কৰে।
দেশত ক্ষুদ্ৰ আৰু মডিউলাৰ পাৰমাণৱিক ৰিয়েক্টৰৰ বিকাশৰ বাবে নিৰ্মলা সীতাৰমণে কয়, “ভাৰত ক্ষুদ্ৰ ৰিয়েক্টৰ স্থাপন, ভাৰতৰ ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰৰ গৱেষণা আৰু বিকাশ আৰু পাৰমাণৱিকৰ বাবে নতুন প্ৰযুক্তিৰ গৱেষণা আৰু বিকাশৰ বাবে চৰকাৰে ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰিত্ব কৰিব।”
১০ লাখ কোটি টকাৰ বিনিয়োগেৰে ১কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তাও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।
গ্ৰাম্য উন্নয়নৰ বাবে চৰকাৰে আন্তঃগাঁথনি বৃদ্ধি আৰু গ্ৰাম্য অঞ্চলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে ২.৬৬ লাখ কোটি টকা আবণ্টন দিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনায়।
নতুন ইন্টাৰশ্বিপ আঁচনিৰ অধীনত চৰকাৰে পাঁচ বছৰৰ ভিতৰত শীৰ্ষ কোম্পানীত ১ কোটি যুৱকক ইন্টাৰশ্বিপ কাৰ্যসূচী আগবঢ়াব, যাৰ অধীনত ৫০০০ টকাৰ ভাট্টা প্ৰদান কৰা হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “চৰকাৰে ৫০০ টা শীৰ্ষ কোম্পানীত ১ কোটি যুৱক-যুৱতীক ইন্টাৰশ্বিপ ভাট্টা হিচাপে প্ৰতিমাহে ৫০০০ টকা আৰু ৬০০০ টকাৰ এককালীন সাহায্যৰে এক কোটি যুৱক-যুৱতীক ইন্টাৰশ্বিপৰ সুযোগ প্ৰদানৰ আঁচনি আৰম্ভ কৰিব।
বিহাৰক উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যখনৰ বাবে নতুন বিমানবন্দৰ, চিকিৎসা সুবিধা আৰু ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ উপৰি ৰাজ্যৰ ঘাইপথ নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকা আবণ্টন দিয়া হ’ব।
শেহতীয়া বাজেটত ঘৰুৱা শিক্ষানুষ্ঠানসমূহৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ বাবেও আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
২০২৫ বিত্তীয় বৰ্ষত অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হ’ব।
কেন্দ্ৰই বিভিন্ন কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণৰ উচ্চ হাৰক অগ্ৰাধিকাৰ দিয়ে। তেওঁ কয়, “কৰ্মচাৰী মহিলাৰ হোষ্টেল স্থাপন কৰা হ’ব। হোষ্টেল আৰু ক্ৰেচৰ জৰিয়তে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্ৰহণ…সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ চৰকাৰে লৈ আহিব ৰাষ্ট্ৰীয় সহযোগিতা নীতি। আমাৰ চৰকাৰে ঘৰুৱা প্ৰতিষ্ঠানত উচ্চ শিক্ষাৰ বাবে ১০ লাখ পৰ্যন্ত ঋণৰ বাবে আৰ্থিক সহায় আগবঢ়াব।”
শেহতীয়া বাজেটত উৎপাদন ক্ষেত্ৰত এম এছ এম ইসমূহৰ বাবে বেংক ক্ৰেডিট নিশ্চয়তা আঁচনিৰ সুবিধাৰ বাবেও এক নতুন ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয়, “জামিন আৰু নিশ্চয়তা অবিহনে যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে এম এছ এম ইৰ বাবে ম্যাদী ঋণৰ সুবিধাৰ বাবে নতুন আঁচনি প্ৰৱৰ্তন কৰা হ’ব। এই নিশ্চয়তা পুঁজিয়ে ১০০ কোটি টকা পৰ্যন্ত নিশ্চয়তা প্ৰদান কৰিব।”
পূৰ্বৰ ঋণৰ সুবিধা লোৱা আৰু পৰিশোধ কৰাসকলৰ বাবে মুদ্ৰা ঋণৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে কেন্দ্ৰই।