ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো কাৰবি আংলং জিলা পৰিবহন বিষয়াৰ কাৰ্যাসলয়ৰ উদ্যোগত শুভাৰম্ভ হৈছে ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২০৷
এই উপলক্ষে জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সুৰক্ষা ও সজাগতাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ঐতিহাসিক ডিফু ক্লাবত জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু কাৰবি আংলং জিলা মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সহযোগত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সজাগতা বিষয়ৰ ওপৰত এখনি চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ চিত্ৰাঙ্কণ প্ৰতিযোগিতা খনৰ যোগেদি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত জিলা পৰিবহন বিভাগৰ উদ্যোগত বৃক্ষপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে সাংবাদিকৰ আগত কয়যে, “পথ সুৰক্ষা, জীৱন সুৰক্ষা” থীম হিচাপে লৈ আৰম্ভ কৰা এইবাৰৰ পথ সুৰক্ষা সপ্তাহত সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলাখনতো ৰাইজৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সৰ্ব স্তৰত সজাগতা গ্ৰহণ কৰা হব ৷ ৰাইজক সজাগতা কাৰ্যসূচীৰ জৰিয়তে পথ- সুৰক্ষাৰ নীতি- নিয়ম সমূহ সহজ আৰু সৰল প্ৰক্ৰিয়াৰে বুজোৱাৰ চেষ্টা কৰা হব ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক পথ সুৰক্ষা সন্দৰ্ভত জ্ঞান প্ৰদান কৰা হব, কাৰণ ছাত্ৰ-ছাত্ৰী সকলেই হৈছে ভৱিষ্যতৰ সু-নাগৰিক৷
সপ্তাহ জোৰা পথ সুৰক্ষা সপ্তাহ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ১৭ জানুৱাৰীত অন্ত পৰিব৷ ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহৰ কাৰ্য ক্ৰমণিকা অনুসৰি ১১ জানুৱাৰী পুৱা ডিফু ক্লাৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা, ডিফুৰ আৰবেৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত বৃক্ষ ৰোপণ, বকাজানত পথ সুৰক্ষা সপ্তাহ সভা৷
১২ জানুৱাৰী পুৱাৰ ভাগত ডিফু গান্ধী পাৰ্কৰ পৰা মাঞ্জা তিনি আলিলৈকে ৱাকথান মাৰাথন প্ৰতিযোগিতা, ডিফু ‘কাবা’ চৌহদত চকু চিকিৎসা শিৱিৰ, হাওৰাঘাটত জন সভা, ১৩ জানুৱাৰী পুৱা ডিফু ক্লাৱত পথ সুৰক্ষা সমদল আৰু ডিফু ক্লাবত জনসভা, ১৪ জানুৱাৰীত মাঞ্জাত জনসভা, দেৱাল লিখন, পত্ৰ বিতৰণ, ১৫ জানুৱাৰীত জিলাৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষা শীৰ্ষক সজাগতা সভা আৰু গোহাৰি পত্ৰ বিতৰণ, ১৬ জানুৱাৰীত জিলাৰ বিভিন্ন স্থানত সজাগতা সভা আৰু দেৱাল তুলিকা আৰু ১৭ জানুৱাৰীত ডিফুৰ পৰা মাঞ্জালৈ মটৰ চাইকেল সমদলেৰে সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী৷ ৩১ সংখ্যক পথ সুৰক্ষাৰ উদ্ধোধনী কাৰ্যসূচীত জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জি, এমভিআই এইছ এম শইকীয়া লগতে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ষ্টাফ সকল উপস্থিত আছিল৷